বোকাখাত, উত্তম কুমাৰ শৰ্মা : বোকাখাতৰ ছাত্ৰী অনন্যা শইকীয়াই অৰ্জন কৰিছে South East Asia Ambassador খিতাপ। গুৱাহাটীৰ ৰুক্মিণী নগৰত অলপতে Inspire group-ৰ উদ্যোগত অনুষ্ঠিতMr & Miss South East Asia SENSATION-ৰ 2nd Edition-ৰ Teen Categor-ত অনন্যাই প্ৰথম স্থান লাভ কৰে।

দেশ বিদেশৰ ১৫০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা চূড়ান্ত প্ৰতিযোগিতাখনৰ ৬০ গৰাকী প্ৰতিযোগীৰ ভিতৰত খিতাপ অৰ্জজ কৰিবলৈ সক্ষম হোৱা অনন্যা বোকাখাতৰ গড়মূৰ নিৱাসী পৰাগ শইকীয়া আৰু শিখা শইকীয়াৰ দ্বিতীয় কন্যা।

অনন্যা শইকীয়া

বোকাখাতৰ খ্ৰীষ্টজ্যোতি হাইস্কুলৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত অনন্যাই ইয়াৰ পূৰ্বে ২০১৯ চনতো গুৱাহাটীৰ মাছখোৱাত অনুষ্ঠিত National pageant India international star icon season -ত পোন প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰি Miss kids tourism 2019-ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।

একেটা বৰ্ষতে আমেৰিকাত অনুষ্ঠিত এখন আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতাতো অংশগ্ৰহণৰ বাবে অনন্যাই সুযোগ লাভ কৰিছিল যদিও ক’ভিড পৰিস্থিতিৰ বাবে প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ পৰা বিৰত থাকিবলগীয়া হয় ছাত্ৰীগৰাকী।

ইতিমধ্যে বিভিন্ন সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম বুটলিবলৈ সক্ষম হোৱাৰ উপৰিও উত্তৰ-পূবৰ আগশাৰী বহু আলোচনীৰ মুখপত্ৰত স্থান লাভ কৰা অনন্যাই অনাগত সময়ত অধ্যয়নৰ সমান্তৰালকৈ মডেলিং তথা সৌন্দৰ্য্য চৰ্চা অব্যাহত ৰখাৰ লগতে উত্তৰ-পূব তথা বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণৰ মন পুহি ৰাখিছে।

লগতে পঢ়ক – বৈঠালাংছ’ৰ ডংকামোকামৰ পৰা নিচাযুক্ত ড্ৰাগছসহ আটক এজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply