বোকাখাত, উত্তম কুমাৰ শৰ্মা: অসমত পৰিৱেশ্য কলা আবৃত্তিক অধিক গতিশীল আৰু জনমুখী কৰি তোলাত অগ্ৰণী ভূমিকা পালন কৰা বিশিষ্ট আবৃত্তিকাৰ, নাট্যকাৰ, সাহিত্যিক গোলাপ চন্দ্ৰ বৰাক তেওঁৰ ১৫তম মৃত্যু বাৰ্ষিকীত বোকাখাত জাতীয় বিদ্যালয়ত শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়।

১৯৩৪ চনত কলিয়াবৰৰ শাকমুঠি গাঁৱত জন্মগ্ৰহণ কৰা প্ৰয়াত গোলাপ চন্দ্ৰ বৰাই নগাঁও জিলা মইনা পাৰিজাতৰ প্ৰথম গৰাকী জিলা সম্পাদক, সদৌ অসম চেমনীয়া চ’ৰাৰ সম্পাদক, অসম নাট্য সন্মিলনৰ উপ-সভাপতি আৰু কাৰ্যকৰী সভাপতি, নগাঁৱৰ এসময়ৰ অগ্নিগড় কলাক্ষেত্ৰৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, জখলাবন্ধা ৰংগম আর্ট স্কুলৰ প্ৰতিষ্ঠাপক সম্পাদক আদি দায়িত্বৰে সমাজ তথা শিশু-চেমনীয়াৰ সাংস্কৃতিক উন্নতিৰ বাবে ব্ৰতী হৈছিল।

তদুপৰি ১৯৯৫ চনত নগাঁও সাহিত্য কাব্য কানন আবৃত্তি শিক্ষণ কেন্দ্ৰৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰূপে আবৃত্তি কলাৰ শিক্ষা আৰু প্ৰসাৰৰ ক্ষেত্ৰত অগ্রণী ভূমিকা গ্ৰহণ কৰিছিল।

১৯৯৩ চনত সংগীত নাটক অকাডেমিয়ে কটকত আয়োজন কৰা পূব মাণ্ডলিক পূর্ণাঙ্গ নাট সমাৰোহত তেখেতৰ অস্থেয় নাটকেৰে অগ্নিগড় কলাক্ষেত্ৰই অসমক প্রতিনিধিত্ব কৰিছিল।

তেখেতৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ’ল – ভূগৰ্ভৰ কেন্দ্ৰলৈ জ্বালামুখী যাত্রা (অনুঃ বিজ্ঞানোপন্যাস), বিদ্রোহী জনা আৰু অস্থেয় (নাটক), সোণালী চৰাইৰ পাখি (উপন্যাস), তৃষ্ণা তৰঙ্গ (উপন্যাস), প্রয়োগ শিল্প আবৃত্তি, আবৃত্তি শিকো আঁহা।

শুকুৰবাৰে বোকাখাত জাতীয় বিদ্যালয় আৰু প্ৰয়াস কাব্য কাননৰ উদ্যোগত আবৃত্তিকাৰ গৰাকীৰ সোঁৱৰণত বোকাখাত জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আবৃত্তিকাৰ গৰাকীৰ বৰ্নাঢ্য জীৱনৰ ওপৰত আলোকপাত কৰি এক অনুষ্ঠান আয়োজন কৰা হয়।

উক্ত অনুষ্ঠানত প্ৰয়াস অধ্যয়ন চক্ৰৰ সম্পাদক সোনেশ্বৰ নৰহে কয়, “অসমীয়া ভাষাৰ যি লালিত্য ইয়াৰ ছন্দক পদ্ধতিগতভাৱে কৰ্ষণ কৰি অসমীয়া ভাষাৰ ভেটি টনকিয়াল কৰা অন্যতম পুৰুধা ব্যক্তি গোলাপ চন্দ্ৰ বৰা। আবৃত্তি কলাৰ মাধ্যমেদি ইয়াৰ ৰস আস্বাদন কৰাৰ গৰিমা আমাৰ অসমীয়া জাতিক দি থৈ গৈছে, বিশ্ববিদ্যালয় পৰ্যায়তো এই আবৃত্তি কলা আজি স্বীকৃত। সেয়ে আমি সমগ্ৰ অসমবাসী ধন্য আৰু তেওঁৰ ওচৰত চিৰ ঋণী।”

২০২২ চনৰ পৰা আৰম্ভ হোৱা প্ৰয়াস অধ্যয়ন চক্ৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি প্ৰয়াত আবৃত্তিকাৰ গৰাকীৰ জীৱন আৰু কৰ্মৰাজীৰ ওপৰত এক বিশেষ অনুষ্ঠান আয়োজনৰ পৰিকল্পনাৰ কথাও আজিৰ সোঁৱৰণী সভাত প্ৰয়াসৰ সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে।

লগতে পঢ়ক – মণিপুৰ নিৰ্বাচনৰ দিন সলনি; ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত ভোটদান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,136 other subscribers

Leave a comment

Leave a Reply Cancel reply