বোকাখাত, উত্তম কুমাৰ শৰ্মা: বহিঃ ৰাজ্যত বিগত ১১মাহ ধৰি সন্ধানহীন হৈ আছে বোকাখাতৰ সেউজীপাৰ নিবাসী মনজিৎ শৰ্মা (যদু) নামৰ ৩৮ বছৰীয়া এজন যুৱক।

২০২১ চনৰ ৮ জানুৱাৰীতে এটি কৰ্মসংস্থাপন বিচাৰি বাংগালোৰলৈ যোৱা যুৱকজন TOTAL SECURITY SERVICES নামৰ ছিকিউৰিটি এজেঞ্চি এটাৰ অধীনত Dabasket Nirbandha Sampura Bigbag Plastic নামৰ কোম্পানীটোত ছিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত হৈছিল।

কৰ্মসংস্থাপন লাভ কৰা তিনিমাহ পৰ্যন্ত যুৱকজনৰ সৈতে পৰিয়ালৰ যোগাযোগ অব্যাহত আছিল যদিও ২০২১ চনৰ ১৫ মাৰ্চৰ পৰা যুৱকজনৰ সৈতে যোগাযোগ কৰিব পৰা নাই পৰিয়ালৰ লোকে।

ইফালে যুৱকজন নিখোজ হোৱা সন্দৰ্ভত  কোম্পানীটোৰ সৈতে যোগাযোগ কৰত কোম্পানী কৰ্তৃপক্ষই যুৱকজনে  কেইবা মাহ পূৰ্বে উক্ত কাম ত্যাগ কৰি গুচি যোৱা বুলি পৰিয়ালৰ লোকক জানিবলৈ দিয়ে।

বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও সম্ভেদ লাভ নকৰা উপায়ন্তৰ পৰিয়ালটোৱে অৱশেষত বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত যুৱকজনৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালটো।

কোনো সদাশয় লোকে যুৱকজনৰ সম্ভেদ লাভ কৰিলে ৯৭০৬৬৮৭৫৫৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

লগতে পঢ়ক – বোকাখাতত ভয়ংকৰ পথ দুৰ্ঘটনা; নিহত দুই বাইক আৰোহী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply