বোকাখাত, উত্তম কুমাৰ শৰ্মা : বিশেষভাৱে সক্ষম বোকাখাতৰ এজন লোক, নাম –‘দয়াৰাম ভূঞা’। পৰম্পৰাগত বাঁহ-বেতৰ সামগ্ৰী প্ৰস্তুতেৰে জীয়াই থকাৰ কঠোৰ সংগ্ৰামত অৱতীৰ্ণ বিশেষভাৱে সক্ষম এইজন লোক। বোকাখাতৰ বালিজান গাঁৱৰ নিবাসী ব্যক্তিজন জন্মগতভাৱে বিশেষভাৱে সক্ষম ।

উল্লেখযোগ্য যে জন্মৰ পাছৰে পৰা বিশেষভাৱে সক্ষম হোৱাৰ উপৰিও ২০১২ চনত সংঘটিত এক দুৰ্ঘটনাত পতিত হৈছিল দয়াৰাম। চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছিল গোলাঘাট অসামৰিক চিকিৎসালয়ত,পোন্ধৰ দিনীয়া চিকিৎসা সেৱাৰ অন্তত, গুৰুতৰ শাৰীৰিক অৱস্থাৰ বাবে তথা উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পাতাললৈ চিকিৎসকে লৈ যোৱাৰ পৰামৰ্শ প্ৰদান কৰিছিল যদিও আৰ্থিক নাটনিৰ বাবে পৰিয়ালৰ লোকে দয়াৰামক ওভটাই লৈ আহে নিজা গৃহলৈ।

ফলত কিছুদিনৰ ভিতৰতে দয়াৰামৰ শৰীৰৰ নিম্নাংশ হৈ পৰে বিকল। যাৰ বাবে সম্পূৰ্ণৰূপে বাধা আহি পৰে জীৱন-জীবিকাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত। ইতিমধ্যে পৰিয়াল পোহপালৰ ক্ষেত্ৰত লোকজনে পদে পদে সন্মুখীন হৈ আহিছে বিভিন্ন সমস্যাৰ।

কিন্তু কঠোৰ আত্মবিশ্বাসেৰে এতিয়া বাঁহ-বেতৰ কৰ্মৰেই দয়াৰামে পৰিচালনা কৰিছে নিজৰ পাঁচজনীয়া পৰিয়ালটো। লোকজনে  ঘৰতেই নিৰ্মাণ কৰি উলিয়াওৱা বাঁহ-বেতৰ সামগ্ৰী সমুহ পুত্ৰই বিক্ৰীৰ বাবে লৈ যায় কাষৰে সাপ্তাহিক বজাৰলৈ। এনেকৈয়েই চলিছে পাঁচজনীয়া পৰিয়ালটো।

ইফালে জীৱিকাৰ অভাৱত তথা চৰম আৰ্থিক অনাটনৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হ’ল দয়াৰামৰ তিনিটাকৈ সন্তান। আৰ্থিক অভাৱৰ বাবেই শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা অৱতীৰ্ণ হোৱাৰ পৰাও বঞ্চিত হ’ল দুৰ্ভগীয়া দয়াৰামৰ এজন পুত্ৰ।

তাৰ মাজতে চৰম আৰ্থিক দৈন্যতাৰ বাবে ঘৰৰ সমুখতে সাজিলোৱা এখন সৰু দোকান আজিও কৰিব আৰম্ভ কৰিব পৰা নাই লোকজনে।

ইফালে বিশেষ ভাৱে সক্ষম হোৱা স্বৰ্তেও দয়াৰাম আজিও চকুত নপৰিল স্থানীয় প্ৰশাসন অথবা জনপ্ৰতিনিধিৰ, লাভ নকৰিলে কোনো চৰকাৰী আঁচনিৰ বিশেষ সুবিধা। যাৰ বাবে শাৰীৰিক বাধাকো নেওচি পাঁচজনীয়া পৰিয়ালটো পোহপালনৰ বাবে লোকজনে প্ৰতিদিনেই চলাই নিব লগা হৈছে কঠোৰ জীৱন সংগ্ৰাম।

লগতে পঢ়ক –

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply