বোকাখাত, উত্তম কুমাৰ শৰ্মা: চাহ জনগোষ্ঠীয় লোকৰ এশ-এবুৰি সমস্যা বুকুত বান্ধি গুৱাহাটীলৈ চাইকেলে যাত্ৰা বোকাখাতৰ দুই যুৱকৰ। যোৱা ১৩ ফেব্ৰুৱাৰীত জনতা ভৱন অভিমূখে যাত্রা আৰম্ভ কৰা বোকাখাতৰ বৰভেটা গাঁৱৰ খগেন কুৰ্মি আৰু তেওঁৰ বন্ধু জীতু মূড়াই আজি গুৱাহাটীত উপস্থিত হ’ব।
চাহ জনজাতি লোকৰ জনজাতিকৰণ, ভূমিপট্টা প্ৰদানৰ লগতে চাহ জনজাতিৰ শিক্ষিত নিবনুৱাক সংস্থাপন দিয়া আদি বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত অসমৰ মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লগ ধৰাৰ উদ্দেশ্যে জনতা ভৱনলৈ ৰাওনা হৈছে বোকাখাতৰ এই দুই যুৱক।
ইফালে যুৱকদ্বয়ৰ এই পদক্ষেপক উস্ম আদৰণি জনোৱাৰ লগতে এই চাইকেল যাত্ৰা সফল হোৱাৰ কামনা কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই।
লগতে পঢ়ক – ৰাজ্যত পুনৰ এনকাউন্টাৰ, আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী