বঙাইগাঁও : বঙাইগাঁও জিলাৰ প্ৰধান চৰকাৰী চিকিৎসালয় বুলি ক’বলৈ গ’লে বঙাইগাঁও অসামৰিক চিকিৎসালয়খনৰ কথাই ক’ব লাগিব। কিন্তু পৰিতাপৰ কথা যে জিলাখনৰ সহস্ৰাধিক লোকে নিৰ্ভৰ কৰিবলীয়া হোৱা এই চিকিৎসালয়খন চৰকাৰৰ দ্বাৰা উপেক্ষিত হৈ থাকিব লগীয়া হৈছে। ক’ভিড মহামাৰীৰ এই দুৰ্যোগৰ সময়তো চিকিৎসালয়খনৰ অধীক্ষকৰ লগতে বহুকেইটা পদ খালী হৈ পৰি আছে।

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি চিকিৎসালয়খনত বৰ্তমান মাত্ৰ ১৬ গৰাকী চিকিৎসকহে পূৰ্ণকালীনৰূপে কৰ্মত। ফলত এই ১৬ চিকিৎসকেই জেনেৰল ইমাৰ্জেঞ্চি আৰু ক’ভিড ইমাৰ্জেঞ্চি দুয়োটা বিভাগ চম্ভালিব লগীয়া হৈছে।

‘চিকিৎসকসকলে ইয়ালৈ আহিব নোখোজে, কাৰণ তেওঁলোকে ইয়াতকৈ বেলেগত ভাল সুবিধা পাই আছে। গুৱাহাটীৰ দৰে স্থানত যদি তেওঁলোকে কাম কৰিবলৈ পাই তেন্তে ইয়ালৈ কিয় আহিব? কেইগৰাকীমান চিকিৎসকে স্ব-ইচ্ছাৰে অব্যাহতি বিচাৰি ইয়াৰ পৰা গুচি গৈছে,’ সূত্ৰটোৱে কয়।

প্ৰতিগৰাকী প’ষ্ট এম বি বি এছ আৰু প’ষ্ট পি জি ছাত্ৰই তেওঁলোকৰ ডিগ্ৰীৰ অংশ হিচাপে এক নিৰ্দিষ্ট সময়ৰ বাবে ইণ্টাৰ্নশ্বিপ খাতিব লাগে যদিও এই ইণ্টাৰ্নসকলক সকলো দায়িত্ব দিব পৰা নাযায়, কিন্তু পৰ্য্যাপ্ত চিকিৎসকৰ অভাৱত এই ইণ্টাৰ্নসকলেই স্থায়ী চিকিৎসকৰ দায়িত্ব পালন কৰি আহিছে বুলি উল্লেখ কৰি সূত্ৰটোৱে কয়, ‘চিকিৎসালয়খনত আনকি স্থায়ী পেথল’জিষ্ট এগৰাকীয়ো নাই।’

সূত্ৰটোৰ মতে অহা ১৭ জুলাইত পি জি ছাত্ৰসকলৰ ইণ্টাৰ্নশ্বিপ অন্ত পৰিব। যাৰ ফলত এতিয়া এগৰাকী পেথল’জিষ্টৰ অভাৱত লেবৰেটৰী আৰু ব্লাড বেংক আদি কিদৰে পৰিচালনা কৰা হ’ব তাক লৈ চিকিৎসালয় কৰ্তৃপক্ষ চিন্তিত হৈ পৰিছে।

লগতে পঢ়ক : জীৱনৰ আনন্দ : বেছি নহয়, কম বস্তুৰে কিদৰে সজাব আপোনাৰ ঘৰখন

২০২০ চনৰ এপ্ৰিলৰ পৰা চিকিৎসালয়খনৰ অধীক্ষকৰ পদ খালী হৈ আছে। একেদৰে চিকিৎসালয় প্ৰশাসক, মেট্ৰন আৰু সহকাৰী মেট্ৰনৰ পদসমূহো খালী হৈ আছে।

আনহাতে, ‘পৰিস্কাৰ’ নামৰ এটা এন জি অ’ক চিকিৎসালয়খন পৰিস্কাৰ কৰি ৰখাৰ দায়িত্ব দিয়া হৈছে যদিও তেওঁলোকে এইক্ষেত্ৰত বিশেষ কোনো কাম কৰা নাই বুলি অভিযোগ উঠিছে।

নাম প্ৰকাশত অনিচ্ছুক এগৰাকী চিকিৎসা বিষয়াই ইষ্টম’জ’ক কয়, ‘মই বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ বিষয়ে নিৰ্দিষ্টকৈ ক’ব নোৱাৰিম। চিকিৎসা বিভাগত পদোন্নতি চলি আছে। খালী হৈ থকা অধীক্ষকৰ পদসমূহ সোনকালেই পূৰ হ’ব লাগে। ক’ভিডৰ সময়ছোৱাত আমি গোটেই অসমত ৬১ গৰাকী চিকিৎসকৰ নিযুক্তি কৰিছিলো।’

ইংৰাজীত পঢ়ক : Assam: Bongaigaon Civil Hospital facing huge manpower shortage

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply