বোকাখাত, উত্তম কুমাৰ শৰ্মা: প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত আৰু কমলেশ্বৰ ৰাজখোৱা ফাউণ্ডেচনৰ সহযোগত বুধবাৰে বোকাখাত জাতীয় বিদ্যালয়ত এক গ্ৰন্থ উন্মচনী সভা অনুষ্ঠিত হয়।

সভাত ফৰকাটিং মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ অজন্তা ৰাজখোৱাৰ তিনিখন গ্ৰন্থ ক্ৰমে – ‘১২গৰাকী অসাধাৰণ অসমীয়া নাৰী’, ‘পখীৰ পৃথিৱীত হিয়া’ আৰু ‘বিষয়ঃ নাৰী’ উন্মোচন কৰা হয়।

‘১২গৰাকী অসাধাৰন অসমীয়া নাৰী’ শীৰ্ষক গ্ৰন্থখন ড০ লুকুমনি গোস্বামীয়ে উন্মোচন কৰা বিপৰীতে ‘পখীৰ পৃথিৱীত হিয়া’ নামৰ শিশু গ্ৰন্থখন কবি সাহিত্যিক দিলীপ ফুকন আৰু ‘বিষয়ঃ নাৰী’ গ্ৰন্থখন কবি তথা প্ৰয়াসৰ সভাপতি নিজৰা বৰঠাকুৰে উন্মোচন কৰে।

প্ৰয়াস অধ্যয়ন চক্ৰৰ অন্যতম নিবেদন বোকাখাত জাতীয় বিদ্যালয়ৰ ‘বকুল তল’ত অনুষ্ঠিত উক্ত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কমলেশ্বৰ ৰাজখোৱা ফাউণ্ডেশ্যনৰ সভাপতি অমূল্য বৰা, জে, ডি, এছ, জি মহাবিদ্যালয়ৰ অধ্যাপক ড০ অৰুণ বৰা, আপকুৰ প্ৰতিষ্ঠাপক সভাপতি ভবেশ শইকীয়া, প্ৰয়াত কমলেশ্বৰ ৰাজখোৱাৰ পত্নী নীলিমা ৰাজখোৱা, অধ্যাপিকা ড০ ৰুবী বৰা, পুতলী খাউণ্ড, জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, ভবানন্দ কলিতাকে আদি কৰি অঞ্চলটোৰ শতাধিক গণ্যমান্য ব্যক্তি।

অনুষ্ঠানত উপস্থিত থাকি সাংবাদিক ভবেশ শইকীয়াই ‘প্ৰগতিবাদী সমাজ ব্যৱস্থাৰ অবিহনে এখন সুস্থ-সবল, সমতা-সম্প্ৰীতিৰে ভৰা সমাজ বৰ্তি নাথাকে’ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

লেখিকা ড০ অজন্তা ৰাজখোৱাই নিজৰ গ্ৰন্থ কেইখনৰ সৃষ্টিৰ আঁৰৰ প্ৰেৰণা দায়ক কথাৰ ওপৰত আলোকপাত কৰে। প্ৰয়াসৰ অন্যতম সদস্য তথা কবি- মনালিছা শইকীয়াই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত আদৰণী ভাষণ প্ৰদান কৰে প্ৰয়াস অধ্যয়ন চক্ৰৰ মুখ্য সম্পাদক সোণেশ্বৰ নৰহে।

লগতে পঢ়ক – অৰুণাচল প্ৰদেশৰ কাণুবাৰীত অ’ৰিয়া উৎসৱ উদযাপন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply