নিউজ ডেস্ক : মেঘালয়ৰ ৰিভই জিলাত শুকুৰবাৰে অসম অভিমুখী এখন বাহনৰ পৰা আৰক্ষীয়ে বিস্ফোৰক সামগ্ৰীসহ এজন লোকক গ্ৰেপ্তাৰ কৰে।

বাহনখনৰ পৰা মেঘালয় আৰক্ষীয়ে ৪,০০০-তকৈ জিলেটিন ষ্টিক আৰু প্ৰায় ২,০০০ ডিটোনেটৰ জব্দ কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে দিনৰ প্ৰায় ১ বজাত বৰ্ণিহাট আৰক্ষীৰ চকীৰ সমীপত গাড়ীখন আগভেটি ধৰে।

বিস্ফোৰক সামগ্ৰী কঢ়িওৱা গাড়ীখন গুৱাহাটী অভিমুখে গৈ আছিল বুলি এগাৰকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

বিষয়া গৰাকীয়ে জনোৱা মতে আৰক্ষীৰ তালাচীত গাড়ীখনৰ পৰা ২,০৪৪ টা ইলেক্ট্ৰিক ডিটোনেটৰ আৰু ৪,০২৭ ডাল জিলেটিন ষ্টিক জব্দ কৰে।

মেঘালয় আৰক্ষীয়ে গাড়ীখনৰ গৰাকীৰ বিৰুদ্ধে নংপো আৰক্ষী থানাত বিস্ফোৰক সামগ্ৰী আইনৰ অধীনত এক গোচৰ ৰুজু কৰে বুলি জানিব পৰা গৈছে।  

লগতে পঢ়ক : তালিবানক সমৰ্থন কৰি আৰক্ষীৰ জালত পৰিল ১৪ জন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply