গুৱাহাটীঃ পুনৰ অসমবাসীৰ বাবে সুখবৰ। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত চমক সৃষ্টি কৰিলে অসমৰ বক্সাৰ শিৱ থাপাই।

এলিট মেনছ নেচনেল বক্সিং চেম্পিয়নশ্বিপত ফাইনেলত তেওঁৰ প্ৰতিদ্বন্দী দলৱীৰক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ জয় কৰিলে শিৱ থাপাই। কৰ্ণাটকৰ ইনস্পায়াৰ ইনষ্টিটউট অৱ স্পৰ্টছত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।

লগতে পঢ়কঃটাকীমাৰী দলে প্ৰথম স্থান দখল কৰি লাভ কৰিলে এটা পঠা ছাগলী

কৰ্ণাটকত অনুষ্ঠিত হৈ থকা ছিনিয়ৰ ৰাষ্ট্ৰীয় বক্সিং ছেম্পিয়নশ্বিপত অসমৰ শিৱ থাপাই সোণৰ পদক লাভ কৰি অহা ২৬ অক্টোবৰৰ পৰা বেলগ্ৰেড বিশ্ব ছেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন কৰিছে।

অসমৰ শিৱ থাপাই এই পৰ্য্যন্ত দুবাৰ ক্ৰমে ২০১২ চনৰ লণ্ডন আৰু ২০১৬ চনৰ ৰিঅ’ অলিম্পিক গেমছ আৰু দুবাৰ এছিয়ান গেমছৰ লগতে কমনৱেলথ গেমছ, ছাফ গেমছত অংশগ্ৰহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply