বোকাখাত, উত্তম কুমাৰ শৰ্মা : এক স্বকীয় শৈক্ষিক বাতাবৰণ সৃষ্টিৰে ২০০৬ চনৰ পৰা সুদীৰ্ঘ কাল বোকাখাত মহকুমাৰ বান বিধ্বস্ত অঞ্চল দুসূতীমুখত অসমীয়া মাধ্যমৰ শিক্ষাৰ ক্ষেত্ৰখনত বিজ্ঞান সন্মতভাৱে অৰিহনা যোগাই অহা “প্ৰয়াস অধ্যয়ন চক্ৰ”ৰ অন্যতম নিবেদন ৰঙাগড়াস্থিত ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ প্ৰাঙ্গণত সোমবাৰে বিদ্যালয়খনৰ ১৬ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।

লোক সংস্কৃতিক পৰিস্ফুট ৰূপত দাঙি ধৰা কেতবোৰ জীৱন্ত উপাদানেৰে সজাই তোলা বিদ্যালয়খনৰ চৌহদত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্য্যসূচী পৰিবেশিত হোৱাৰ লগতে প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত মুকলি সভাত উপস্থিত থাকে বিশিষ্ট কবি তথা লোকসংস্কৃতিৰ গৱেষক নৰকান্ত শইকীয়া, প্ৰয়াত প্ৰগতিশীল কবি ধীৰেণ দত্তৰ সন্তান চিন্তামণি দত্ত, প্ৰয়াস অধ্যয়ন চক্ৰৰ সভাপতি নীজৰা বৰঠাকুৰ, কবি-সাংবাদিক তথা প্ৰয়াসৰ অন্যতম সতীৰ্থ পল্লৱ হাজৰিকা, বিদ্যালয়ৰ সভাপতি বিমল দাস, অৱসৰপ্ৰাপ্ত শিক্ষক পদ্মেশ্বৰ নৰহ, ঢুলীয়া ওজা দ্ৰোণকান্ত পাটগিৰি, পোণাৰাম শইকীয়া আৰু গোলাঘাট জিলাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

প্ৰয়াস অধ্যয়ন চক্ৰৰ মুখ্য সম্পাদক সোনেশ্বৰ নৰহ আৰু মনিকংকনা বৰবৰাই আঁত ধৰা মুকলি সভাত নৰকান্ত শইকীয়াই নিজৰ বক্তব্যত অসম চৰকাৰৰ শেহতীয়া শিক্ষা নীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তদপুৰি শেহতীয়া SOPয়ে শিক্ষাৰ্থীসকলক নিশ্চিতভাৱে ক্ষতি কৰিব বুলি আশংকা প্ৰকাশ কৰি তেওঁ বিশেষজ্ঞ সমিতিৰ দ্বাৰা SOPখনক পুনৰ পৰ্যালোচনা কৰিবলৈ আহ্বান জনায়।

একেটা অনুষ্ঠানতে বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সোনেশ্বৰ নৰহে কয়, “ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ ক্ষেত্ৰখনক ৰাজ্যবাসীৰ বাবে ‘নাট্য ক্ষেত্ৰ’ৰূপে গঢ়ি তোলা হ’ব”। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই বিদ্যালয়ৰ সম্পাদক পুতুল নৰহে।

ইফালে বিদ্যালয়খনত চলি থকা ২০দিনীয়া নাট কৰ্মশালাৰ দ্বাৰা প্ৰযোজিত ‘লুইত পৰীয়া সাধু’ শীৰ্ষক এখন নাটক বিদ্যালয়ৰ প্ৰাঙ্গণত সন্ধিয়ালৈ মঞ্চস্থ কৰা হ’ব। নাট মঞ্চস্থ অনুষ্ঠানত উপস্থিত থাকিব বিশিষ্ট নাট পৰিচালক তথা প্ৰয়াস অধ্যয়ন চক্ৰৰ অন্যতম ব্যক্তি অমৰ কাকতিৰ লগতে প্ৰশিক্ষক অংশুমান শইকীয়া আৰু ৰাতুল ফুকন।

উল্লেখযোগ্য যে ২০ দিনীয়া কাৰ্যসূচীৰে বিদ্যালয়খনত চলি থকা নাট কৰ্মশালাখনি ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয় ৰ উদ্যোগত, ভাৰতীয় গণনাট্য সংঘ আৰু প্ৰয়াস নাট বাহিনীৰ যৌথ সহযোগত সম্পাদন কৰা হৈছে।

লগতে পঢ়ক –

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply