মানকাচাৰ: আজি মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত থকা বি এছ এফৰ কেম্পত চিভিক একশ্যন প্ৰগ্ৰেমৰ অধীনত দিনজোৰা কাৰ্য্যসূচীৰে এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়।
উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় সীমান্তবৰ্তী গাঁও সমূহৰ সাধাৰণ লোকৰ সৈতে বি এছ এফৰ সু-সম্পৰ্ক গঢ়ি তুলিবলৈ বিভিন্ন বি এছ এফে চিভিক একশ্যন প্ৰগ্ৰেমৰ জৰিয়তে বিভিন্ন সামাজিক কাৰ্য্যসূচী অনুষ্ঠিত কৰি আহিছে।
বুধবাৰে দ্বীপচৰ বি এছ এফ কেম্পত বিনামূলীয়া চিকিৎসা শিবিৰৰ অনুষ্ঠিত হোৱাৰ পাছত আজি পুনৰ বি এছ এফৰ ৪৫ বেটেলিয়ানৰ উদ্ধোগত আলগা বি এছ এফ কেম্পতো দ্বিতীয় দিনা বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়।
৪৫ বেটেলিয়ান বি এছ এফৰ কমাণ্ডেণ্ট চন্দ্ৰকান্ত উপাধ্যায় আৰু হাটশিঙিমাৰী জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সত্য ৰঞ্জন শইকীয়া এই কাৰ্য্যসূচীত উপস্থিত থাকি বিনামূলীয়া চিকিৎসা শিবিৰৰ শুভাৰম্ভ কৰে।
বিশেষকৈ সীমান্তবৰ্তী কানাইমাৰা গাঁও পঞ্চায়ত এলেকাৰ দুই শতাধিক লোকক তিনি গৰাকী চিকিৎসকে পৰীক্ষা-নিৰীক্ষা কৰি ৰোগী সকলৰ মাজত বিনামূলীয়া ঔষধ বিতৰণ কৰে। কালি দ্বীপচৰ বি এছ এফ কমত ২৪০ গৰাকী ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰা হৈছিল।
লগতে পঢ়ক – বোকাজানত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা