গুৱাহাটী: বড়োলেণ্ড অঞ্চলৰ জনজাতি আৰু আদিবাসীসকলৰ আৰ্থ-সামাজিক অৱস্থা উন্নত কৰাৰ লক্ষৰে Bharat Rural Livelihoods Foundation-ৰ সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে বিটিচিয়ে। এই চুক্তি জৰিয়তে অহা ৪ বছৰত বাক্সা আৰু উদালগুৰিৰ জিলাৰ দুটা দুটাকৈ মুঠ ৪ ব্লকৰ ৪০,০০০ পৰিয়ালৰ জীৱনধাৰণৰ মান যথেষ্ট উন্নত হ’ব বুলি আশা কৰা হৈছে।  

“Transforming the Lives of Bodoland Tribes” শীৰ্ষক উক্ত প্ৰকল্পৰ উদ্দেশ্য হৈছে বিভিন্ন বিকাশমূলক পদক্ষেপৰ জৰিয়তে উপাৰ্জনৰ স্তৰ বৃদ্ধি কৰা।

যোৱা ৩০ জুনত বিটিচিৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োৰ উপস্থিতিত বি টি আৰ চৰকাৰৰ মুখ্য সচিব অনুৰাগ গোয়েল আৰু বি আৰ এল এফৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমথেশ অম্বাষ্টাৰ মাজত চুক্তি স্বাক্ষৰ কৰা হয়।

উক্ত প্ৰকল্পৰ জৰিয়তে বিদ্যালয় সমূহত শিক্ষাৰ মানৰ উন্নয়ন ঘটাই ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ স্তৰ উন্নত কৰা, স্থানীয় প্ৰশাসনৰ শাসন প্ৰণালী উন্নত কৰা আৰু প্ৰকল্পৰ কামসূহ যাতে নিয়াৰিকৈ চলাই যাব পৰা যায় তাৰ বাবে স্থানীয় মানৱ সম্পদৰ বিকাশ ঘটোৱা আদি লক্ষ্য হাতত লোৱা হৈছে।

বি আৰ এল এফ-এ ইয়াৰ অনুদান ব্যৱস্থাপনা নীতিত উল্লেখ কৰা নিয়ম অনুসৰি প্ৰকল্পটোৰ বাবে বিটিচিৰ মুখ্য সচিবৰ অধ্যক্ষতাত বিটিচি চৰকাৰে এখন পৰিচালনা কমিটি গঠন কৰিব।

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কয়, “এই প্ৰকল্পটোৱে কৃষি উৎপাদনশীলতা, জলসম্পদ সৃষ্টি, আৰু জলসিঞ্চনৰ আন্তঃগাঁথনি, পশুধনৰ উৎপাদন আৰু অন্যান্য কৃষি বহিৰ্ভূত কাৰ্য্য যেনে হস্ততাঁতৰ প্ৰচাৰ আদিৰ জৰিয়তে বড়োলেণ্ডৰ স্থানীয় জনজাতি আৰু আন সম্প্ৰদায়ৰ উপাৰ্জনৰ স্তৰ বৃদ্ধি কৰি তেওঁলোকৰ জীৱনধাৰণৰ মান উন্নত কৰিব।‘’

তেওঁ লগতে কয় যে প্ৰকল্পৰ জৰিয়তে ১৮ বছৰৰ তলৰ ল’ৰা ছোৱালীবিলাকৰ বাবে গুণগত শিক্ষাৰ সুবিধা কৰি শিক্ষাৰ মান উন্নত কৰাৰ লগতে চৰকাৰী বিদ্যালয়সমূহৰ মানদণ্ড উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব।

কোকৰাঝাৰ আৰু ওদালগুৰি জিলাত চলোৱা এক অধ্যয়নত দেখা গৈছে যে গ্ৰাম্য অঞ্চলতকৈ চহৰত সামগ্ৰিক উন্নয়নৰ স্তৰ অধিক। ওদালগুৰি জিলাত কৰা আন এক অধ্যয়নত জিলাখনত নিম্ন স্তৰৰ উন্নয়ন আৰু দ কৈ শিপাই থকা দৰিদ্ৰতাৰ কথা উল্লেখ কৰা হৈছে। উক্ত অধ্যয়নৰ মতে জিলাখনৰ প্ৰায় ৮০ % পৰিয়ালয়েই দৰিদ্ৰ। দৰিদ্ৰতাৰ মূল কাৰণবোৰ হৈছে জীৱিকাৰ ক্ষেত্ৰত সুযোগৰ অভাৱ আৰু স্বাস্থ্যৰ দুৰ্বল স্থিতি।

ৰাজ্যিক মানৱ উন্নয়ন প্ৰতিবেদনত (এইচ ডি আৰ) প্ৰকাশ পোৱা মতে ওদালগুৰি আৰু বাক্সা জিলাদুখনত Head Count Ratio (HCR) আৰু Multidimensional Poverty Index (MPI) সূচাংক যথেষ্ট বেছি। কেৱল কোকৰাঝাৰ জিলাতহে HCR আৰু MPI ৰাজ্যিক গড়তকৈ কম।

তদুপৰি, আন্তঃগাঁথনি আৰু আন সা-সুবিধাৰ লাভ কৰাৰ ক্ষেত্ৰতো প্ৰভেদ থকা দেখা যায়। যদিও গ্ৰাম্যাঞ্চলৰ বেছিভাগ লোক কৃষিকাৰ্যত নিয়োজিত তেওঁলোকৰ মাটিৰ পৰিমাণ কম আৰু জলসিঞ্চনৰ ব্যৱস্থাই বহুতকেই ঢুকি পোৱা নাই।

ইয়াৰ উপৰি লোকসকলৰ মাজত ৰক্তহীনতাত ভোগা আৰু শিশুপুষ্টিৰ অভাৱ যথেষ্ট উদ্বেগজনক স্তৰত থকা দেখা গৈছে। সামগ্ৰিকভাৱে, প্ৰাকৃতিক সম্পদৰে ভৰি থকা স্বত্বেও এই জিলা দুখনত জীৱন ধাৰণ আৰু বিকাশৰ স্তৰ এতিয়াও বহুত পিছপৰি আছে।

লগতে পঢ়ক – অসমত ২৪ঘন্টাত কোভিডত আক্ৰান্ত হ’ল ১৬১জন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply