নিউজ ডেস্কঃ আজি বিত্ত মন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰিলে ২০২৩-২৪ বৰ্যৰ ৰাজ্যৰ বিত্তীয় বাজেট। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দাখিল কৰা এই বাজেট ৩.২২ লাখ কোটি। এই বাজেটত কোন কোন বিভাগে সৰ্বাধিক গুৰুত্ব লাভ কৰিলে, কোন কেইটা দিশে সৰ্বাধিক আৱন্টন লাভ কৰিব এই সন্দৰ্ভত আমি এক চমু অৱলোকন দাঙি ধৰিবলৈ ওলাইছো।

অসম বাজেট ২০২২-২৩

কৃষিখণ্ড-

ৰাজ্যৰ কৃষিখণ্ডৰ সামগ্ৰিক উন্নয়নৰ বাবে যোৱা তিনি বছৰত কৃষিজাত শস্যৰ ৰপ্তানি ২৫০ শতাংশ বৃদ্ধি হৈছে। আৰু কৃষি বিভাগলৈ ২১৬১.৭৪ কোটি টকা আৱন্টনৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।

সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ-

ৰাজ্যৰ সীমান্ত অঞ্চলত বাস কৰা নাগৰিকসকলৰ সুৰিক্ষাৰ আৰু সীমা সমস্যা সমাধানৰ বাবে পৰ্যায়ক্ৰমে নতুনকৈ আৰু ৫০টা সীমা সুৰক্ষা চকী স্থাপনৰ ব্যৱস্থা লৈছে চৰকাৰে। এই বিভাগৰ বাবে বাজেটত ৪৬.৮৫ কোটি টকা আৱন্টনৰ প্ৰস্তাৱ দিয়া হৈছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ-

অসমৰ ৰাইজক সুলভ মূল্যত উচ্চমানবিশিষ্ট, নিৰাময়জনিত আৰু উন্নত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ বাবে এই বিভাগটো দায়ৱদ্ধ। আৰু ২০২৩-২৪ বৰ্ষৰ বাজেটত চিকিৎসা আৰু জনস্বাস্থ্যৰ বাবে ৭১৩০.১৯ কোটি টকা আৱন্টন দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।

উচ্চ শিক্ষা বিভাগ-

মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ জৰিয়তে উচ্চ শিক্ষা খণ্ডৰ প্ৰসাৰ আৰু গুণগত উন্নয়নৰ ক্ষেত্ৰত ৩,৩৭২.৭৪ কোটি টকাৰ আৱন্টন আগবঢ়োৱা হৈছে। লগতে ড০ বাণীকান্ত কাকতি বঁটাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্কুটাৰ বিতৰণৰ বাবে ৩৫,৮০০ খন স্কুটাৰ ক্ৰয় কৰিবলৈ ২৫,৩৬৮.২৪ লাখ টকা মোকোলাই দিয়া হৈছে।

তদুপৰি, নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজ কেৰিয়াৰ সম্বন্ধীয় সজাগতা সৃষ্টিৰ বাবে আৰোহণ নামৰ এখন আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। লগতে প্ৰথম স্থান লাভ কৰি নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীলৈ টেবলেট প্ৰদান কৰা হ’ব ।

কেৱল সেয়ে নহয়, এই আঁচনিখনৰ যোগিতা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকললৈ আগবঢ়োৱা হ’ব কেতবোৰ সহায়-সহযোগিতা। যেনে- বিনামূলীয়া পাঠ্যপুথি প্ৰদান, নামভৰ্তি আৰু শিক্ষা মাচুল ৰেহাই, পৰীক্ষা মাচুল ৰেহাই, বিনামূলীয়া ইউনিফৰ্ম বিতৰণ, সংখ্যালঘু ছাত্ৰীসকলৰ বাবে জলপানি আঁচনি, দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে জলপানি আৰু নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকললৈ বিনামূলীয়া চাইকেল বিতৰণ আদি।

মিছন বসুন্ধৰা-

ভূমি সম্পৰ্কীয় বিষয়সমূহৰ চূড়ান্ত নিষ্পত্তিৰ ক্ষেত্ৰত এক দৃঢ় পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰে ২০২১চনৰ ২ অক্টোবৰত আৰম্ভ কৰিছিল মিছন বসুন্ধৰা। আৰু চলিত বৰ্ষৰ ১৫ মাৰ্চলৈকে বসুন্ধৰা-২.০ ত ৭,৪৩,৬৯০খন আৱেদন লাভ কৰিছে চৰকাৰে।

ৰাজহুৱা স্থানত চিচি টিভি-

ৰাজ্য চৰকাৰে ৰাজহুৱা আৰু অন্যান্য স্পৰ্শকাতৰ স্থানত চিচি টিভি স্থাপনৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। এই প্ৰকল্পটো ২০০ কোটি টকা ব্যয়েৰে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ জৰিয়তে ৰূপায়ণ কৰা হ’ব।

নতুন আন্তঃগাঁথনিৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে এইবাৰ বাজেটত-

গুৱাহাটী মহানগৰীত নিৰ্মাণৰ বাবে প্ৰস্তাৱিত কেইখন গুৰুত্বপূৰ্ণ উৰণীয়া সেতু হৈছে-

১. গোপীনাথ বৰদলৈ পথত চাৰিলেনযুক্ত এলিভেটেড পথ

২. গুৱাহাটী গড়ভাংগা পথৰ চাইকেল ফেক্টৰী সংযোগত উৰণীয়া সেতু

৩. আৰ কে চৌধুৰী পথৰ ফটাশিল চাৰিআলিত উৰণীয়া সেতু

৪. জি এছ ৰোডৰ ডাউন টাউন হাস্পতালৰ সমীপত আৰু ৰাজীৱ ভৱনৰ সমীপত উৰণীয়া সেতু

৫. কামাখ্যা মন্দিৰলৈ বিকল্প এলিভেটেড পথ

৬. দীপৰ বিলৰ সমীপৰ হস্তীদণ্ডীৰ স্থানত হাতীৰ আহ-যাহৰ বাবে অধঃপথ অৰ্থাত Underpass

৭. গুৱাহাটীত শ্বহীদ স্মাৰক সংযোগী পথ আৰু কইনাধৰা পথৰ মাজত দীপৰ বিলৰ ওপৰেৰে এলিভেটেড পথ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply