১. কাজিৰঙাৰ পৰা কাৰ্বি আংলঙলৈ পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে বন্য জন্তুৰ সুৰক্ষা নিশ্চিত কৰিব ৩৫ কিঃমিঃ দৈঘ্যৰ এটা কৰিডৰ আৰু সুৰংগৰ সৈ চাৰিলেন যুক্ত পথ নিৰ্মাণৰ প্ৰস্তাৱ।
২. ৩১ মাৰ্চৰ পূৰ্বে হিন্দুস্তান কাগজ নিগমলৈ ৩০০ কোটি মোকলাই দিয়াৰ সিদ্ধান্ত।
৩. শ্ৰীমন্ত শংকৰদেৱৰ সৈতে সম্পৰ্কীত সকলো পৱিত্র স্থানক সামৰি বাছ সেৱাৰ প্রস্তাৱ।
৪. অসম বিধানসভাৰ মজিয়াত বিত্ত মন্ত্ৰী অজন্তা নেওগে আজি ২০২২-২৩ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰি ৰাজ্যত কৰ্কট ৰোগৰ বিৰুদ্ধে চলি থকা যুদ্ধক আৰু অধিক ক্ষীপ্ৰতৰ কৰি তোলাৰ বাবে নতুনকৈ পুনৰ সাতখন কৰ্কট ৰোগৰ হস্পিটেল নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
৫. টাটা ন্যাসৰ সৈতে ৰাজ্য চৰকাৰ হোৱা বুজাবুজিৰ চুক্তি অনুসৰি ডিব্ৰুগড়, বৰপেটা, কোকৰাঝাৰ, তেজপুৰ, যোৰহাট, লক্ষীমপুৰ আৰু দৰঙত নতুনকৈ সাতখন কৰ্কট ৰোগৰ হস্পিটেল স্থাপন কৰা হ’ব বুলি বিত্ত মন্ত্ৰীয়ে উল্লেখ কৰি ২০২২-২৩ বৰ্ষৰ ভিতৰত ইয়াৰ নিৰ্মাণকাৰ্য্য সম্পুৰ্ণ হ’ব বুলি কয়।
৬. বৰ্তমান ৰাজ্যত ১০ খন কৰ্কট ৰোগৰ হস্পিটেলৰ নিৰ্মাণকাৰ্য্য চলি আছে।
৭. আনহাতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ৰবটিক অস্ত্ৰোপ্ৰচাৰ গোট স্থাপন কৰিবলৈয়ো চৰকাৰে প্ৰস্তাৱ লৈছে বুলি অজন্তা নেওগে বাজেট ভাষণত কয়।
৮. গোৱালপাৰা লোকগীতৰ সম্রাজ্ঞী প্রতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ সংগ্রহালয়ৰূপে গঢ়াৰ প্রস্তাৱ, প্রতিমা বৰুৱা পাণ্ডে সংগ্রহালয়ৰ বাবে ১৫ কোটি টকা ধাৰ্য।
৯. যোৰহাট কাৰগাৰক ঐতিহাসিকস্থলী হিচাপে, মুক্তি যোদ্ধা স্মাৰক হিচাপে গঢ়ি তোলাৰ প্রস্তাৱ।
১০. নগাঁও, গেলেকী, হাফলঙত ৩টা হেলিপেড নিৰ্মাণৰ প্ৰস্তাৱ। ডিফুত গ্ৰীণফিল্ড বিমানবন্দৰৰ বাবে কেন্দ্ৰৰে যোগাযোগ। যোৰহাট, শিলচৰ, লীলাবাৰী বিমানবন্দৰৰ বাবে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।