উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীলৈ স্কুটাৰ প্ৰদানৰ কথা ঘোষণা কৰা হৈছে আজিৰ বাজেটত । স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰা ছাত্ৰীসকলে আনহাতে প্ৰতিবছৰে ১০ হাজাৰ টকাকৈ যাতায়তৰ খৰচ লাভ কৰিব।
প্ৰজ্ঞান ভাৰতীৰ আচঁনিৰ জৰিয়তে স্নাতক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আৰু পলিটেকনিক শিক্ষাৰ্থীসকলৰ প্ৰতিমাহে হোষ্টেল মাচুল ২০০০টকাকৈ ৰেহাইৰ প্ৰস্তাৱ দিয়া হৈছে বাজেটত।
দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নামভৰ্তি মাচুল ৰেহাই অব্যাহত থকাৰ লগতে বিটিআৰত ১০ মহাবিদ্যালয় প্ৰাদেশিকৰণৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে বাজেটত।