নিউজ ডেস্কঃ আজি বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰা ২০২৩-২৪ বিত্তীয় বাজেট। ৩.২২ লাখ টকাৰ বাজেটত আজিৰ কেইবাখনো আঁচনিৰ অধীনত গুৰুত্বপূৰ্ণ পৰিকল্পনা গ্ৰহণ কৰা হয়। আহকচোন জানোঁ কি কি পৰিকল্পনা কৰা হ’ল এইবাৰৰ বাজেটত।

১. আন্তঃগাঁথনি নিৰ্মাণ, নৱীকৰণ, বিদ্যালয় উন্নীতকৰণ, চাহ বাগিচা অঞ্চলত উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন ইত্যাদিৰ বাবে প্রজ্ঞান ভাৰতীলৈ ২,৫০০ কোটি টকা।

২. নগৰীয়া জনসাধাৰণৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদানৰ অর্থে অসম নগৰ স্বাস্থ্য অভিযান আৰম্ভ কৰা হ’ব।

৩. অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনি,২০২০ লৈ  ১০০ কোটি টকা। অৰ্থ’ডক্স চাহ আৰু বিশেষ চাহ উৎপাদনৰ বাবে প্ৰতি কিলোগ্ৰামত ১২ টকাৰ বৰ্ধিত ৰাজসাহায্য।

৪. চাহ শ্ৰমিকসকলৰ বাবে বিশেষ সকাহ (বাজেট আবণ্টন : ১৫০ কোটি)

  • পৰৱৰ্তী ৩ বছৰৰ বাবে কৃষি আয়কৰৰ ওপৰত কৰ বন্ধ
  • চাহ বাগিচাৰ শ্ৰমিক লাইনৰ আন্ত:গাঁথনি বিকাশ
  • এককালীন পৰিমাপ হিচাপে লাইনত বাস কৰা শ্ৰমিক পৰিয়ালসমূহৰ বকেয়া বিদ্যুতৰ পৰিমাণ ৰেহাই

৫. চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ অনুকম্পামূলক ধনৰ পৰিমাণ ১২,০০০ টকাৰ পৰা ১৫,০০০ টকালৈ বৃদ্ধি কৰা হ’ব।

৬. গাঁও প্রতিষ্ঠা দিৱস উদযাপন কৰাৰ বাবে প্ৰতিখন গাঁওলৈ ৫,০০০ টকা আগবঢ়োৱা হ’ব

৭. অসম দর্শন আঁচনিলৈ ১৮০ কোটি টকা

  • ৮ হাজাৰ নতুন নামঘৰ
  • প্রতি ধর্মীয় অনুষ্ঠানলৈ ২.৫ লাখকৈ টকা
  • ১০০ বছৰৰ অধিক পুৰণি ধর্মীয় অনুষ্ঠানলৈ ১৫ লাখকৈ টকা
  • কামাখ্যা কৰিড’ৰ বিকাশ
  • ৰংঘৰত পর্যটনৰ সুবিধা বিকাশৰ বাবে ১০৭ কোটি টকা
  • মাটিয়াবাগ ৰাজপ্রাসাদক সংগ্রহালয়লৈ ৰূপান্তৰ

৮. নিৰীক্ষণ, প্ৰতিষ্ঠানসমূহৰ শক্তিশালীকৰণ, সহায়কাৰী সেৱা প্ৰৱৰ্তন আৰু ভুক্তভোগীসকলৰ পুনর্বাসৰ ওপৰত গুৰুত্ব প্রদানেৰে বাল্য বিবাহ প্ৰতিৰোধী অভিযানৰ বাবে ২০০ কোটি টকা।

৯. আত্মসহায়ক গোটৰ সদস্যলৈ পোনপটীয়া হস্তান্তৰৰ জৰিয়তে ১০০০ টকাকৈ মুকলি। সদস্যসকললৈ অনুমোদনৰ পৰৱর্তী পর্যায়ত ১০,০০০ টকাকৈ প্রদান। ৩০ লাখ মহিলা উদ্যমীক বিকাশৰ পৰিকল্পনা।

১০. অৰুণোদয় আঁচনিৰ অন্তর্ভুক্ত নোহোৱা ৰাষ্ট্ৰীয় বিধৱা পেঞ্চনৰ হিতাধিকাৰীসকলে মাহিলি ৯৫০ টকা টপ-আপ লাভ কৰিব।

১১. এক লাখ হিতাধিকাৰীক প্ৰদান কৰিবলগা প্রধানমন্ত্রী আৱাস যোজনাৰ দৰে সম পৰিমাণৰ সহায়েৰে মুখ্যমন্ত্রী আৱাস যোজনালৈ ৮০০ কোটি টকা।

১২. ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰতিভা চিনাক্তকৰণৰ বাবে ৰাজহ গাঁওসমূহত খেল মহাৰণ (ক্ৰীড়া অনুষ্ঠান) আৰু সাংস্কৃতিক মহাসংগ্ৰাম (সাংস্কৃতিক অনুষ্ঠান)ৰ আয়োজন। (মুঠ বাজেট : ৬০ কোটি)

  • প্ৰতিখন ৰাজহ গাঁৱলৈ খেল মহাৰণৰ বাবে ১০,০০০ টকা আৰু সাংস্কৃতিক মহাসংগ্ৰামৰ বাবে ১০,০০০ টকা

১৩. উন্নত যাতায়াত ব্যৱস্থাৰ বাবে অতিৰিক্ত ৩০০০ কিল’মিটাৰ পথ নিৰ্মাণৰ হেতু মুখ্যমন্ত্ৰী নগৰীয়া পথ পকীকৰণ আঁচনিৰ শুভাৰম্ভণি।

১৪. লোক নির্মাণ বিভাগৰ অধীনত পথ আৰু ভৱনৰ ৰূপত আন্তঃগাঁথনিৰ বিকাশৰ বাবে বিভিন্ন শিতানত ১৫,১০২ কোটি টকা।

১৫. লোক সেৱাৰ অধিকাৰৰ হেতু অসম ৰাজ্যিক আয়োগ গঠন

  • নিৰ্ধাৰিত সময়ৰ ভিতৰত অধিসূচিত সেৱা প্ৰদানত ব্যৰ্থ হোৱা মনোনীত ৰাজহুৱা কৰ্মচাৰীসকলক শাস্তি দিয়াৰ ক্ষমতা থাকিব।

১৬. আপোন ঘৰ আঁচনিলৈ ১০৮ কোটি টকা ।

১৭. আপোন বাহন আঁচনিলৈ ১২ কোটি ।

১৮. মটৰচাইকেল ঋণ প্ৰাপ্ত কৰাৰ বাবে চৰকাৰী কৰ্মচাৰীসকলক ২% সুত ৰেহাই ।

১৯. মহিলা আৰু দিব্যাংগ কৰ্মচাৰীসকলৰ বাবে ৩% সুত ৰেহাই ।

২০. চিকিৎসা পৰিশোধ প্ৰক্ৰিয়া সৰলীকৰণৰ হেতু আৰম্ভ কৰা হ’ব ‘মুখ্যমন্ত্রী লোক সেৱা আৰোগ্য যোজনা’

  • চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰ আৰু তেওঁলোকৰ নিৰ্ভৰশীলসকলে এই যোজনা লাভ কৰিব পাৰিব।

২১. মুখ্যমন্ত্ৰী লঘু উদ্যোগ উদগনি আঁচনি

  • উদ্যোগীৰ স্থিৰ মূলধনী বিনিয়োগৰ ১০% মূলধনী ৰাজসাহায্য হিচাপে প্ৰতিগৰাকী উদ্যোগীক সৰ্বাধিক ৫০ লাখ টকা পৰ্যন্ত প্ৰদান।

২২. মুখ্যমন্ত্ৰীৰ এম এছ এম ই ঋণ ৰেহাই আঁচনি

  • ঋণ সংযোগী ৰাজসাহায্যৰ জৰিয়তে হিতাধিকাৰীসকলক ৩% সুত ৰেহাইৰ ব্যৱস্থা ।

২৩. অসমত গাহৰি মাংসৰ চাহিদা পূৰণ কৰিবলৈ গাহৰি পাম স্থাপনৰ বাবে ৭.৮৮ কোটিক সাহায্য প্ৰধান কৰা হ’ব।

২৪. যুদ্ধ বিৰতিত থকা কেডাৰৰ সংস্থাপনৰ বাবে ৯৪.০১ কোটিৰ পুঁজি। মূল সুঁতিলৈ অহা বিদ্ৰোহী সদস্যলৈ ৪ লাখ টকাৰ ফিক্সড ডিপ’জিট।

লগতে পঢ়ক – ৩.২২ লাখ কোটি টকাৰ বাজেট কোন বিভাগে পালে সৰ্বাধিক গুৰুত্ব !

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply