গুৱাহাটী: কামৰূপ জিলাৰ জোৰশিমুলীত এজন তামোল ব্যৱসায়ীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে।
উল্লেখযোগ্য যে, দেওবাৰে কামৰূপৰ জোৰশিমুলীৰ বাঘমাৰা গাঁৱৰ জাকিৰ হুছেইনে ব্যৱসায় সূত্ৰে গৈছিল মেঘালয়লৈ।
প্ৰাপ্ত তথ্য মতে নিশাৰ ভাগত গোৱালপাৰাৰ ধূপধৰা হৈ ঘৰলৈ উভতাৰ পথত বাঘডোৱাৰ ৰাজপথত ব্যৱসায়ীজনক অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল।
স্থানীয় পথচাৰীয়ে উক্ত পথৰে গৈ থকা অৱস্থাত লোকজনক অচেতন অৱস্থাত দেখা পায় আৰক্ষীক খবৰ দিয়াত ধূপধৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অচেতন লোকজনক উদ্ধাৰ কৰি চিকিৎসাললৈ প্ৰেৰণ কৰে।
ইফালে আৰক্ষীয়ে অচেতন লোকজন কামৰূপৰ জোৰশিমুলী বাঘমাৰাৰ জাকিৰ হুছেইন বুলি চিনাক্ত কৰি পৰিয়ালৰ লোকক চমজাই দিয়ে যদিও সোমবাৰে নিশা জাকিৰ হুছেইনে মৃত্যুক আঁকোৱালি লয়।
মঙলবাৰে আৰক্ষীয়ে জাকিৰ হুছেইনৰ মৃত্যদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
ইফালে জাকিৰ হুছেইনক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়া বুলি পৰিয়ালৰ লোকে অভিযোগ তুলিছে।
এয়া প্ৰকৃততে হত্যাকাণ্ড নে পথ দুৰ্ঘটনাত হুছেইনৰ মৃত্যু হৈছে সেয়া মৰণোত্তৰ পৰীক্ষাৰ পিছতহে পোহৰলৈ আহিব।
লগতে পঢ়ক – সন্ধানহীন পুত্ৰক বিচাৰি মৰাণ আৰক্ষী থানাত এজাহাৰ অৰ্পণজীত পিতৃৰ