ঘটনাস্থলীৰ ফটো

শনিবাৰে দিন-দুপৰতে হোৱা এটা গুলীচালনাৰ ঘটনাক ডিফু চহৰত চাঞ্চল্যৰ সৃষ্টি হৈছে। বাইকত গৈ থকা এগৰাকী যুৱকক আগভেটি ডিফু-ধনশিৰি পথৰ হাতীকেম্পত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে।

শূন্য দূৰত্বৰ পৰা পিষ্টলেৰে মূৰত গুলীয়াই হত্যা কৰা দেৱজিৎ সিনহা নামৰ যুৱকজনৰ থিতাতে মৃত্যু হয়।

প্ৰাপ্ত খবৰ অনুসৰি, শনিবাৰে দিনৰভাগত বাইকেৰে ধনশিৰিৰ মাহীয়েকৰ ঘৰলৈ গৈ আছিল দেৱজিৎ সিনহা নামৰ যুৱকজন। যুৱকজনৰ লগত আছিল এগৰাকী যুৱতীও। গৈ থকা অৱস্থাতে হাতীকেম্পত দুই অচিনাক্ত যুৱকে আগভেটি ধৰে যুৱকজনক।

লগতে পঢ়ক : ডিগবৈৰ গ্ৰেনেড বিস্ফোৰণত নিহতৰ আত্মীয়লৈ ৫ লাখ টকাকৈ সাহাৰ্য অসম চৰকাৰৰ

কিছু সময় দুই যুৱকৰ সৈতে হোৱা তৰ্কাতকিৰ পিছত যুৱকজনক গুলীয়াই হত্যা কৰা হয়। গুলীচালনাৰ পাছতেই দেৱজিতৰ বাইকখন লৈ পলায়ন কৰে দুই হত্যাকাৰী। মোবাইল ব্যৱসায়ৰ সৈতে জড়িত নিহত দেৱজিতৰ ঘৰ ডিফু চহৰৰ শিতলাবাৰীত।

গুলীচালনাৰ খবৰ পাই ঘটনাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত যদিও এই পৰ্য্যন্ত কাকো আটক কৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষীৰ উচ্চস্তৰীয় এক দল উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লৈছে।

আৰক্ষীয়ে উক্ত ঘটনাৰ সৈতে উগ্ৰপন্থী গোট ডি এন এল এ জড়িত থকাৰ সন্দেহ কৰিছে। দাবী কৰা ধন নোপোৱাৰ বাবেই যুৱ-ব্যৱসায়ীজনক গুলীওৱাৰ সন্দেহ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply