গুৱাহাটী : উত্তৰ পূবৰ সম্পদৰাজিক বিশ্বৰ বজাৰখনলৈ লৈ যোৱাৰ উদ্দেশ্যেৰে এন ই আই অ’ এম বা Northeast India Overseas Market এ দীৰ্ঘসময়জুৰি বিভিন্ন প্ৰচেষ্টা হাতত লৈ আহিছে। শেহতীয়াকৈ জাপানৰ এগৰাকী উদ্যোগী বিজয় শ্বাৰাৱটৰ উদ্যোগ প্ৰতিষ্ঠান কে এ এছ জাপানৰ সহযোগিতাত উত্তৰ পূবৰ বজাৰখন প্ৰসাৰৰ বাবে এক দীৰ্ঘম্যাদী পদক্ষেপ গ্ৰহণ কৰিছে।

অলপতে গুৱাহাটীত এন ই আই অ’ এম আৰু কে এ এছ জাপানৰ যুটীয়া উদ্যোগত অনুষ্ঠিত এখন সংবাদমেলত বিজয় শ্বাৰাৱটে উল্লেখ কৰে যে উত্তৰ পূবক বিশ্বৰ মানচিত্ৰলৈ লৈ যোৱাই উদ্দেশ্য এই প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে।

ইয়াৰ জৰিয়তে বিদেশী বিনিয়োগৰ প্ৰত্যক্ষ সুযোগ বাঢ়িব। থলুৱা ব্যৱসায়ীসকলৰ বাবে এটা সুবিধাজনক পৰিস্থিতিৰ উদ্ভৱ হ’ব আৰু ব্যৱসায়ীসকলে উৎপাদিত সামগ্ৰীৰ এখন প্ৰত্যক্ষ বজাৰ লাভ কৰিব। বিভিন্ন কাৰখানা, প্ৰাকৃতিক ফাৰ্ম বা ভৱিষ্যতৰ স্মাৰ্ট ফাৰ্মিং ইত্যাদি বিষয়বোৰ লৈ কিদৰে ভৱিষ্যতে একেলগে কাম কৰিব পাৰি সেই কথাও গুৰুত্ব সহকাৰে লোৱা হৈছে বুলি তেখেতে উল্লেখ কৰে।


এন ই আই অ’ এমৰ তৰফৰ পৰা জনোৱা হয় যে আন্তৰ্জাতিক বজাৰত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁলোকে এই উদ্যোগ লৈছে। কে এ এছ জাপানৰ সহযোগিতাত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ক্ষেত্ৰ অধ্যয়নৰ যোগেৰে স্থানীয় তথ্য আহৰণ কৰা হৈছে। এন ই আই অ’ এম আৰু কে এ এছ জাপানৰ সহযোগিতাত স্থানীয় কৃষিজাত সামগ্ৰীকে ধৰি কলা-সংস্কৃতিক কিদৰে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰ এখনলৈ লৈ যাব পাৰি তাৰ বাবেই এই প্ৰচেষ্টা লোৱা হৈছে।

উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলত প্ৰাপ্ত সকলো সামগ্ৰী সন্দৰ্ভত জ্ঞান আহৰণ কৰি ইয়াৰ প্ৰসাৰ ঘটোৱা তথা খেতিয়ক আৰু শিল্পীসকলে মধ্যস্থতাকাৰী অবিহনেই প্ৰত্যক্ষভাৱে লাভ অৰ্জনৰ সুবিধা দিয়াৰ কথাও প্ৰতিষ্ঠান দুটাই গুৰুত্ব সহকাৰে লৈছে।

লগতে পঢ়ক : সেনাৰ ভুৱা আক্ৰমণত নিহত সকলৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানতো উঠিল সেনাৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply