ফটো ফে’চবুকৰ পৰা সংগৃহীত

নিউজ ডেস্ক : অহা ৩০ অক্টোবৰত অসমৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনকলৈ লৈ ৰাজনৈতিক দল সমূহ তৎপৰ হৈ পৰিছে।

বৃহস্পতিবাৰে থাওৰা সমষ্টিৰ ভাৰতীয় কমিউনিষ্ট দল (চি পি আই)-ৰ প্ৰাৰ্থী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰে মনোনয়ন পত্ৰ দাখিল কৰে।

দুয়োগৰাকী প্ৰাৰ্থীয়ে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ত দলীয় সতীৰ্থসহ গৈ নিজৰ নিজৰ মনোনয়ন পত্ৰ জমা দিয়ে। ধৈৰ্য্য কোঁৱৰক ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সংগ দিয়ে মনোনয়ন দাখিলৰ সময়ত।

শুকুৰবাবে মনোনয়ন দাখিলৰ অন্তিম দিন।

লগতে পঢ়ক : ফৰেনচিক বিজ্ঞান সঞ্চালকালয়, অসমৰ ৪০ টা পদত নিযুক্তি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply