গুৱাহাটী: বিৰোধী কংগ্ৰেছে অসমৰ আগন্তুক ৬ টা সমষ্টিত হ’বলগীয়া নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব চূড়ান্ত কৰি হাইকামান্ডলৈ পঠিয়াবৰ বাবে সাজু হৈছে |
আজি হোৱা তিনিখনকৈ বৈঠকৰ অন্তত কংগ্ৰেছ সভাপতি ভূপেন বৰাই জনোৱা মতে, কংগ্ৰেছে এই নিৰ্বাচনত ৪ খন আসনত প্ৰতিদ্বন্দিতা কৰিবলৈ সিদ্ধান্ত লৈছে | আনহাতে এটা সমষ্টি এৰি দিয়া হৈছে ৰাইজৰ দলৰ বাবে। আন এক সমষ্টি এৰি দিয়া হৈছে অসম জাতীয় পৰিষদৰ বাবে।
সংবাদমেলত এই কথা ঘোষণা কৰি APCCৰ সভাপতি ভূপেন বৰাই কয়, ৰাইজৰ দলৰ উপসভাপতি কমল কুমাৰ মেধিক এই সম্পৰ্কে অবগত কৰা হৈছে আৰু জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈকো এই সম্পৰ্কে জনোৱা হৈছে |
ৰাইজৰ দলৰ ফালৰ পৰা থাওৰা, মৰিয়নি আৰু ভবানীপুৰ সমষ্টি বিচৰা হৈছিল আৰু অসম জাতীয় পৰিষদৰ ফালৰ পৰা মাজুলী আৰু তামুলপুৰ সমষ্টি বিচাৰিছিল মিত্ৰতাৰে প্ৰতিদ্বন্দিতা কৰিবলৈ | কোন দুটা সমষ্টি দল দুটাক এৰি দিলে সেই সম্পৰ্কে একো তথ্য প্ৰকাশ নকৰিলে কংগ্ৰেছ সভাপতি জনে |
আজি দিনৰ ভাগত কংগ্ৰেছক বিশ্বাসঘাটক আখ্যা দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অকলেই নিৰ্বাচন খেলিব বুলি ঘোষণা কৰি মৰিয়নি সমষ্টিত সঞ্জীব গগৈৰ নাম প্ৰাৰ্থী হিচাবে ঘোষণা কৰে।
কংগ্রেছৰ বিৰুদ্ধে ক্ষোভ উজাৰি কিছুদিনৰ আগতে থাওৰা সমষ্টিত ধৈৰ্য কোঁৱৰক প্ৰাৰ্থী হিচাবে ঘোষণা কৰিছিল | এতিয়া এখন আসম এৰি দি মিত্ৰতাৰ প্ৰস্তাব দিয়া কংগ্ৰেছক ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কি উত্তৰ দিয়ে তাতেই স্পষ্ট হব মিত্ৰতা।
বাওপন্থী দলবোৰৰ ক্ষেত্ৰত মিত্ৰতাৰ সম্পৰ্কত সভাপতি ভুপেন বৰাই কয়, এইবাৰৰ উপ নিৰ্বাচনত আমি তেওলোকৰ পৰা সহায় বিচাৰিছো |
লগতে পঢ়ক : ৰাজ্যসভাৰ সাংসদৰূপে শপতগ্ৰহণ সৰ্বানন্দ সোণোৱালৰ