নিউজ ডেস্ক : আজি ঘোষণা হোৱা উপ নিৰ্বাচনৰ ফলাফলত ৰাজ্যৰ আটাইকেইটা বিধানসভা সমষ্টিতে শাসনাধিষ্ঠ বিজেপি মিত্ৰজোঁটে নিজৰ আধিপত্য বজাই ৰাখে। এই পৰ্য্যন্ত ফলাফলৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই যদিও ৫ খন আসনতে বিজেপি মিত্ৰজোঁটৰ জয়লাভ নিশ্চিত হৈ পৰিছে।

বি টি চিৰ অধীনত পৰা গোসাঁইগাঁও আৰু তামুলপুৰত বিজেপিৰ মিত্ৰদল ইউ পি পি এলে এক প্ৰকাৰ জয়লাভ কৰিছে।

২৮ নং গোসাঁইগাঁৱত ইউ পি পি এল-ৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীয়ে ইতিমধ্যে জয়লাভ কৰিছে, তেওঁ ৫৮, ৭৬৯ টা ভোট লাভ কৰি নিকট প্ৰতিদ্বন্দী কংগ্ৰেছৰ জোৱেল টুডুৰ পৰা ২৮২৫২ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে।

একেদৰে ৫৮ নং তামুলপুৰ সমষ্টিতো ইউ পি পি এলৰ প্ৰাৰ্থী জলেন দৈমাৰী চতুৰ্থ ৰাউণ্ড শেষ হোৱাৰ পিছত তেওঁৰ নিকট প্ৰতিদ্বন্দীৰ পৰা কেইবা হাজাৰ ভোটত আগবাঢ়ি আছে।

আনহাতে, থাওৰা, মৰিয়নী আৰু ভৱানীপুৰত বিজেপিৰ প্ৰাৰ্থী কেইজনে বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিছে।

লগতে পঢ়ক : সুশান্তৰ অভিলেখ, ৰূপজ্যোতি ফণীৰো বৃহৎ ব্যবধানত জয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply