গুৱাহাটী : ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত উপ নিৰ্বাচনৰ ফলাফলত বিজেপি মিত্ৰ গোষ্টিয়ে আটাই কেইখন আসনতে অভিলেখ সংখ্যক ভোটত জয়লাভ কৰে। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্য্যালয়ত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত মুখ্য মন্ত্ৰীয়ে এই বিজয়ৰ বাবে বিজেপিৰ কাৰ্য্যকৰ্তা সকলকক বিশেষভাৱে ধন্যবাদ জনাই তেওঁলোকৰ আত্মোৎৰ্গাৰ বাবে এই বিজয় সম্ভৱপৰ হোৱা বুলি উল্লেখ কৰে।

বিশেষকৈ ভৱানীপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ বিজয় দলটোৰ বাবে এক ডাঙৰ প্ৰাপ্তি বুলি উল্লেখ কৰি তেওঁ কয়, ‘অসম আন্দোলনৰ প্ৰথম চহিদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মভূমি ভৱানীপুৰ সমষ্টি এ আই ইউ ডি এফৰ দখলত থকাটো জাতিটোৰ বাবে এটা লজ্জাৰ কাৰণ হৈ আছিল।’

আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত শদিয়াৰ পৰা ধুবুৰীলৈ বিজেপিৰ বিজয় ধ্বজা উৰিব বুলি মন্তব্য কৰি কয়, ‘মোৰ জীৱনকালতে এনে এটা দিন আহিব যে ১২৬ টা সমষ্টিতে বিজেপি জিকিব।’

লগতে পঢ়ক : মানকাচৰৰ নিউ মাৰ্কেটত কাপোৰৰ দোকানত বিধ্বংসী অগ্নিকাণ্ড

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply