নিৰংকুশ জয়ৰ দিশে বিজেপি

ভৱানীপুৰত বিজেপিৰ ফণী তালুকদাৰৰ জয়লাভ । এইবাৰ জয়ৰ ব্যবধান যোৱা নিৰ্বাচনতকৈ বহু বৃদ্ধি হয় । ফণী তালুকদাৰে ৬৪,২০০ টা ভোট লাভ কৰি ২৫,৬৪১ টা ভোটৰ ব্যবধানত জয়লাভ কৰে । কংগ্ৰেছে ৩৮,৫৫৯ টা ভোট আৰু AIUDFএ ৬৪২০ টা ভোট লাভ কৰিবলৈ সক্ষম হয়। যোৱা নিৰ্বাচনত ৫৫,৯৭৫ টা ভোট লাভ কৰাৰ বিপৰীতে ৩২২৭ টা ভোটত জয়লাভ কৰিছিল ।

সংখ্যালঘু লোকে এটাও ভোট নিদিলে। হিন্দুৰ ভোটেৰেই জয়ী হ’লো। নিৰ্বাচনত জয়লাভৰ পিছতেই বিজেপিৰ ফণীধৰ তালুকদাৰৰ এই মন্তব্য।

মৰিয়নীত বৃহৎ জয় বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ । ৰূপজ্যোতিয়ে ৪০,১০৪ টা ভোটৰ ব্যবধানত জয়লাভ কৰে ।ৰূপজ্যোতিয়ে ৫৫,৪৮৯ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী লোহিত কোঁৱৰে ১৫,৩৮৫ টা ভোট লাভ কৰে।

থাওৰাত অভিলেখ কৰি জয়ী হ’ল থাওৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই । থাওৰাত সুশান্ত বৰগোহাঁইৰ জয়ত বিজয় উত্‍সৱ। ৩০,৫৬১ ভোটৰ বৃহত্‍ ব্যৱধানত জয়ী হয় সুশান্ত বৰগোহাঁই। বিজেপি প্ৰাৰ্থী বৰগোহাঁইয়ে লাভ কৰে ৫৪,৯৫৬টা ভোট। ৰাইজৰ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰে লাভ কৰে ২৪,২৫২ ভোট লাভ কৰে।
জয়ৰ পিছত সুশান্ত বৰগোহাঁইৰ মন্তব্য, “মোক বিশ্বাসঘাতক নহয় বিশ্বাসযোগ্য বুলিহে গণ্য কৰিলে থাওৰাৰ ৰাইজে”। ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰে মাত্ৰ ১২ হাজাৰ ভোটহে লাভ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক- আন এক অভিলেখৰ দিশত শিৱ থাপা; বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply