প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক: আজি অনুষ্ঠিত হোৱা পাঁচ সমষ্টি দখলৰ যুঁজত অৱতীর্ণ হোৱা ৩১ প্রার্থীৰ ভাগ্য নির্ণয় কৰিব মুঠ ৭,৯৬,৪৫৬জন ভোটাৰে৷ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি পাঁচ সমষ্টিত মুঠ ১,১৭৬টা ভোটগ্রহণ কেন্দ্র আছে আৰু প্রতিটোতে ৱেব কাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে৷ ভোটগ্রহণ কেন্দ্রসমূহৰ ভিতৰত গোসাঁইগাঁৱত ২৮৫টা, ভৱানীপুৰত ২১৩টা, তামুলপুৰত ৩২২টা, মৰিয়নিত ১৮৩টা আৰু থাওৰাত ১৭৩টা৷ ইয়াৰে ৯৮৯টা মূল ভোটকেন্দ্র আৰু ১৮৭টা সহযোগী ভোটকেন্দ্র৷

ভোটাৰসকলৰ মাজত নির্দিষ্ট দূৰত্ব বজাই ৰখাৰ ব্যৱস্থা লোৱাৰ উপৰি মাস্ক, ছেনিটাইজাৰ আদি উপলব্ধ কৰি সকলো সুৰক্ষামূলক ব্যৱস্থা গ্রহণ কৰা হৈছে৷ পাঁচ সমষ্টিৰ উপ–নির্বাচনৰ ভোটগ্রহণ প্রক্রিয়াত সামগ্রিকভাৱে ৫,৪১০জন বিষয়া নিয়োজিত হৈছে৷ ভোটগ্রহণৰ বাবে ১,৮৬৯ বেলট ইউনিট ১,৮৪৪টা কণ্ড্র’ল ইউনিট আৰু ১,৮৬১টা ভিভিপিএটি মেচিন সাজু কৰি তোলা হৈছে৷ ইফালে উপ–নির্বাচন হ’বলগীয়া পাঁচ সমষ্টিৰ মুঠ ৭,৯৬,৪৫৬জন ভোটাৰৰ ভিতৰত ৪,০৩,৩৭৪জন পুৰুষ হোৱাৰ বিপৰীতে ৩,৯৩,০৭৮গৰাকী মহিলা আৰু ৪গৰাকী তৃতীয় লিংগৰ৷ ইয়াৰ উপৰি ৩,১৬৫জন আছে ছার্ভিচ ভোটাৰ৷

তামুলপুৰ সমষ্টিত সর্বাধিক ২,১৭,৪৩২জন ভোটদাতা থকাৰ বিপৰীতে থাওৰা সমষ্টিত আটাইতকৈ কম ১,১৫,৯৭১জন ভোটদাতা আছে৷ চলিত বর্ষৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ যোৱা বর্ষৰ ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা বিশেষ সংক্ষিপ্ত সংশোধনীৰ যোগে যোৱা ৮ অক্টোবৰলৈ এইবাৰৰ ভোটাৰ তালিকাত এই সমষ্টিকেইটাত মুঠ ৪৩,২২৯জন ভোটদাতাৰ নাম নতুনকৈ সন্নিৱিষ্ট কৰা হৈছে৷

আনহাতে, উপ–নির্বাচনত ৮,৮৬৪জন ৮০ বছৰৰ ঊর্ধ্বৰ ভোটাৰ আৰু ৪,৯৯৮জন বিশেষভাৱে সক্ষম ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব৷ প্রার্থীৰ ক্ষেত্রত গোসাঁইগাঁও সমষ্টিত আঠজন, ভৱানীপুৰত আঠজন, তামুলপুৰত ছয়জন, মৰিয়নিত চাৰিজন আৰু থাওৰা সমষ্টিত পাঁচজনে প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে৷ আগন্তুক উপ–নির্বাচনত ভোটদানৰ বাবে দিব্যাংগসকলৰ সহায়ক হোৱাকৈ আন এটা এনড্রইডভিত্তিক ম’বাইল এপ্লিকেচন প্রস্তুত কৰি উলিওৱা হৈছে৷

লগতে পঢ়ক-দাঢ়ি-কমাৰ হেৰফেৰ নকৰাকৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰূপায়ণ কৰিব অসম চুক্তি

মৰিয়নী বিধানসভা সমষ্টিটোত এইবাৰ চাৰিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। জাতীয় কংগ্ৰেছৰ হৈ লোহিত ( অভিজিত ) কোঁ‌ৱৰ, বিজেপি মিত্ৰজোঁ‌টৰ ৰূপজ্যোতি কুৰ্মী, অসম সংগ্ৰামী মঞ্চৰ গোপাল ঘাটোৱাৰ আৰু ৰাইজৰ দল সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী সঞ্জীৱ গগৈয়ে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মৰিয়নি সমষ্টিত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১ লাখ ২৪ হাজাৰ ২৬৯ গৰাকী। ইয়াৰে ৬১ হাজাৰ ৫৯৭ গৰাকী পুৰুষ আৰু ৬২ হাজাৰ ৬৭২ গৰাকী মহিলা ভোটাৰ ।
আনহাতে, সমষ্টিটোত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ১৮৩ টা। ইয়াৰে পাঁ‌চটা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলাৰ দ্বাৰা পৰিচালিত হ’ব । তদুপৰি মৰিয়নী মহাবিদ্যালয়ৰ ( সোঁ‌ দিশৰ ) ভোটগ্ৰহণ কেন্দ্ৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে ঘোষণা কৰা হৈছে ।

আজি অনুষ্ঠিত হোৱা উপ–নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলাৰ আগমনি আৰু গোলকগঞ্জ ৰাজহ চক্ৰৰ এলেকাবোৰত ৰাজহুৱা বন্ধ ঘোষণা কৰিছে ধুবুৰী জিলা উপায়ুক্তই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply