গুৱাহাটী : আজি ৰাজ্যৰ পাঁচটাকৈ সমষ্টিত অনুষ্ঠিত হৈছে উপ নিৰ্বাচন। ইতিমধ্যে ভোট কেন্দ্ৰ সমূহত দেখিবলৈ পোৱা গৈছে ভোটাৰ সকলৰ ভিৰ। ভোটদান অব্যাহত থকাৰ মাজতে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ জয়ক লৈ নিশ্চিত।
ভোটাধিকাৰ সাব্যস্ত কৰি উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীয়ে জয় হ’ব বুলি দাবী কৰিছে। ইয়াৰ লগতে বিৰোধী দলৰ প্ৰাৰ্থীক আক্ৰমণ কৰা এৰি দিয়া নিয়া উপ নিৰ্বাচনৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে।
থাওৰা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে বিজেপি আৰু কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰে। থাওৰা সমষ্টিত ৰাইজৰ দলৰ জয় নিশ্চিত বুলিও কয় ধৈৰ্য কোঁৱৰে। দুৰ্নীতিমূক্ত এটা সমষ্টি গঠনৰ বাবে ৰাইজে মোক ভোট দিব বুলি দাবী কৰে ধৈৰ্য কোঁৱৰে।
এগৰাকী বিশ্বাসঘাটক আৰু প্ৰতাৰকৰ উচিত প্ৰত্যুত্তৰ দিব থাওৰাবাসীয়ে। কোনো এজন বিধায়কেই সমষ্টিৰ উন্নয়নত গুৰুত্ব নিদিলে। বিজেপি প্ৰাৰ্থীগৰাকী জয়ৰ পৰা বহু আঁতৰত থাকিব। থাওৰাবাসীৰ ৰাইজৰ সহযোগিতাৰ প্ৰতি আমি অভিভূত বুলিও কয় ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে।
ইফালে ভোটদান কৰিবলৈ গৈ কংগ্ৰেছ আৰু ৰাইজৰ দলক সমালোচনা কৰে থাওৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইয়ে। বিশ্বাসঘাটক আৰু ডলাৰ বগৰী শব্দ দুটাৰ বাহিৰে ৰাইজৰ দলৰ হাতত সমালোচনাৰ বাবে অন্য কোনো শব্দ নাই বুকিও কয় সুশান্ত বৰগোহাঁইয়ে।
মোৰ প্ৰতিদ্বন্দ্বিতা কাৰোৰে লগতে নাই। কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজতেই প্ৰতিদ্বন্দিতা থাকিব। থাওৰাত অসাধাৰণ উন্নয়ন হ’ব বুলিও কয় সুশান্ত বৰগোহাঁইয়ে। ডিমৌ টাউন হাইস্কুলৰ ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে সুশান্ত বৰগোহাঁইয়ে।
ভৱানীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰে নিশ্চিত কৰে নিজৰ জয়। ফণী তালুকদাৰে কয় যে উপ নিৰ্বাচনত মানুহৰ উৎসাহ পূৰ্বতকৈ বেছি দেখিছো। ৰাতিপুৱাৰে পৰা ভোটাৰ ৰাইজ দুগুণ উৎসাহেৰে ওলাই আহিছে।মোক জ্যেতিষীয়ে ৮-৯ বজাৰ ভিতৰত ভোটদান কৰিবলৈ কৈছে। তেতিয়া মোৰ ভাল হ’ব বুল কৈছে। ২ তাৰিখে মোক লৈ চলি থকা সকলো চৰ্চা শেষ হ’ব বুলিও মন্তব্য কৰে ফণী তালুকদাৰে। যোৱাবাৰ ৮০ শতাংশ পাইছিলো এইবাৰ ৯৯ শতাংশ নম্বৰ লৈ পাছ কৰিম’।ভোটাধিকাৰ সাব্যস্ত কৰি এই মন্তব্য বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰৰ
আনহাতে মৰিয়নি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে স্বীকাৰ কৰে যে মৰিয়নিত ভোটাৰৰ সংখ্যা কমিছে। মৰিয়নিত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সমৰ্থক নাই বুকিও কয় ৰূপজ্যোতি কুৰ্মীয়ে। কৃষকক মাটিৰ পাট্টা দিয়াৰ নামত অখিল গগৈ ১০০ বিঘা মাটিৰ গৰাকী হ’ল বুলি মন্তব্য কৰি অখিল গগৈক তীব্ৰ সমালোচনা কৰে ৰূপজ্যোতি কুৰ্মীয়ে।
ইফালে মৰিয়নিৰ বৰগুৰি ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ স্যাবাস্ত কৰে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে। ৰূপজ্যোতি কুৰ্মীৰ প্ৰতাৰণাৰ বিৰুদ্ধে ভোটদান কৰা বুলি মন্তব্য কৰে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে। উল্লেখ্য যে থাওৰা, মৰিয়নি, গোঁসাইগাঁও, তামুলপুৰ আৰু ভৱানীপুৰ সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছে।
লগতে পঢ়ক : পুনৰ মহানগৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড
দিনৰ বাৰ বজালৈকে গোসাইগাঁৱত ৩৯.৩৫ শতাংশ, ভৱানীপুৰত ৪১ শতাংশ, তামুলপুৰত ২৩ শতাংশ, মৰয়নিত ২০ শতাংশ আৰু থাওৰাত ৩৮.৬০ শতাংশ ভোটদান হৈছে।
পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া থাওৰাৰ ৰূপহীবাম এল পি স্কুলত ধৈৰ্য কোঁৱৰৰ ভোটদানসমষ্টিটোৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ ।মৰিয়নী সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈৰ ভোটদান ।সঞ্জীৱ গগৈৰ ভোটদান চেলেংহাট HS স্কুলত । তামুলপুৰৰ নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীৰ ভোটদান সুৱাগপুৰ ঔবাৰী এল পি স্কুলত।