গুৱাহাটী : বিৰোধী শিবিৰ একত্ৰিত নোহোৱাৰ বাবেই এই ফলাফল নেকি ? উপ-নিৰ্বাচনৰ পূৰ্বে বিজেপি বিৰোধী দল সমূহ একত্ৰিত হৈ যুঁজৰ প্ৰস্তুতি চলাইছিল যদিও পৰৱৰ্তী সময়ত বিৰোধী শিবিৰ একত্ৰিত হোৱাত বিফল হ’ল। এতিয়া ফলাফলৰ পিছত পৰাজয় স্বীকাৰ কৰি কৰাৰ বিকল্প নাই বিৰোধীৰ হাতত। উপ-নিৰ্বাচনৰ ফলাফলকলৈ ৰিপুন বৰাই পৰাজয় স্বীকাৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ৰিপুন বৰাই কয় “পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনৰ ফলাফল আজি ঘোষিত হ’ল আৰু এই অনুসৰি কংগ্ৰেছ দলে আশানুৰূপ ফলাফল লাভ কৰিব নোৱাৰিলে। যদিও সাধাৰণতে উপ-নিৰ্বাচনৰ ফলাফল শাসকীয় পক্ষৰ ফালেই হয়, তথাপি ৰাজ্যৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিত এইবাৰ ৰাইজে শাসকীয় পক্ষক উচিত প্ৰত্যুত্তৰ দিব বুলি আশা কৰা হৈছিল। পিছে আশা কৰা ধৰণে শাসকীয় পক্ষই উচিত শিক্ষাও নাপালে আৰু কংগ্ৰেছেও ভাল ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰিলে”।

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গৰকীয়ে লগতে কয় যে জনতা জনাৰ্দনৰ ৰায় নতশিৰে মানি লৈয়ো এইকথা স্বীকাৰ কৰিবই লাগিব যে বৰ্তমান মূল্যবোধৰ ৰাজনীতি নোহোৱা হৈছে আৰু ইয়াৰ ঠাইত নীতিহীন, বিভাজনমুখী, স্বাৰ্থপৰ আৰু ভয়-ভাবুকি-প্ৰলোভনৰ ৰাজনীতিয়ে গা কৰি উঠিছে। নহ’লে মূল্যবৃদ্ধিয়ে ৰাইজক কোঙা কৰা এই পৰিৱেশত ধৰ্মৰ নামত সাধাৰণ মানুহক ভাগ ভাগ কৰা, প্ৰতিশ্ৰুতি পূৰণত চূড়ান্তভাৱে ব্যৰ্থ হোৱা বিজেপি তথা মিত্ৰজোঁটৰ সপক্ষে, নীতি-আদৰ্শহীন দল বাগৰা নেতাৰ সপক্ষে নিৰ্বাচনী ফলাফল নহয়। যি কি নহওঁক, এই ফলাফলক লৈ দলীয় নেতা-কৰ্মীসকল হতাশ হোৱাৰ প্ৰয়োজন নাই।

ৰিপুন বৰাই আৰু কয় যে সমগ্ৰ দেশতে ইতিমধ্যে বিজেপি বিৰোধী এক ঢৌ গা কৰি উঠিছে আৰু সমাগত লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন চৰকাৰৰ পতন হোৱাটো নিশ্চিত। অসমৰ ৰাইজেও কম দিনৰ ভিতৰতে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ জনবিৰোধী নীতিৰ কথা অন্তৰেৰে উপলব্ধি কৰিব আৰু তেওঁলোকক বিদায় দিব বুলিও কয় ৰিপুন বৰাই।

লগতে পঢ়ক :  গোলাঘাটৰ ঢেকীয়ালত বন্যহস্তীৰ গচকত প্ৰাণ গ’ল এজনৰ

ইফালে এজন জাতীয়তাবাদী নেতাক ক্ষুৰধাৰ বাক্যবাণ শৃংখল চলিহাৰ। শৃংখল চলিহাই কয় ‘অসমৰ ৰাইজে এতিয়া বুজি পাব বিজেপিৰ দালাল কোন? ভণ্ড জাতীয়তাবাদী নেতাৰ বাবেই আজি এই দশা। পূৰ্বতে কৈছিলো একত্ৰিত হৈ যুঁজ দিয়াৰ বাবে। কংগ্ৰেছে দিছিল সহমত, কিন্তু ভণ্ড এজন জাতীয়তাবাদী নেতাই জনোৱা নাছিল সহমত, যাৰ বাবে আজি এই পৰিস্থিতি।’

আনহাতে জনতাৰ ৰায়ক স্বীকাৰ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। পুনৰ শক্তিশালী ৰূপত মূৰ দাঙি উঠিব কংগ্ৰেছ দল। আমি এতিয়াৰে পৰা আগন্তুক লোকসভা আৰু বিধানসভাৰ বাবে যুঁজ আৰম্ভ কৰিম। অহ ১৪ তাৰিখৰ পৰা সদস্য ভৰ্ত্তি অভিযান আৰম্ভ কৰিব দলে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভূপেন কুমাৰ বৰাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,511 other subscribers

Leave a comment

Leave a Reply