নিউজ ডেস্ক: শাসকীয় দলৰ পাঁচ গৰাকী প্ৰাৰ্থী উপ নিৰ্বাচনত জয়ৰ দিশত অগ্ৰসৰ হৈছে ।
গোসাঁইগাঁৱত ষষ্ঠ ৰাউণ্ডৰ অন্তত UPPL ৰ জিৰণ বসুমতাৰীয়ে অগ্ৰগতি লাভ কৰিছে । সপ্তম ৰাউন্ডৰ অন্তত ৩৪,০৬১ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ জুৱেল টুডুৱে ১৩,৫৭৭ টা ভোট পাইছে ।
মৰিয়নিত বৃহৎ ব্যৱধানত অগ্ৰগতি লাভ বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী । ষষ্ঠ ৰাউন্ডৰ অন্তত তেও ২৬,৫৩৮টা ভোট লাভ কৰিছে । ভবানীপুৰত বৃহৎ জয়ৰ দিশে অগ্ৰসৰ হৈছে ফণীধৰ তালুকদাৰ । অষ্টম ৰাউণ্ডৰ অন্তত ভবানীপুৰত বিজেপীৰ ২৯,১৩১ ভোটত অগ্ৰগতি লাভ কৰিছে ।
থাওৰা সমষ্টিটো বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাই জয়ৰ দিশত আগবাঢ়িছে | অষ্টম ৰাউন্ডৰ অন্তত ১৮,৮৮৫টা ভোটত আগবাঢ়িছে বিজেপি প্ৰাৰ্থী গৰাকী । ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীয়ে যথেষ্ট প্ৰভাব বিস্তাৰ কৰিব পাৰিব বুলি প্ৰচাৰ হৈছিল যদিও ভোটাৰে ইয়াক প্ৰত্যাখ্যান কৰে ।থাওৰাত আৰম্ভ বিজয় উৎসৱ! বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ সমৰ্থকৰ উছাহ। নাচি-বাগি আত্মহাৰা সমৰ্থক ।
তামুলপুৰ সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী জলেন বসুমতাৰীয়ে অষ্টম ৰাউন্ডৰ সামৰণিত ৪০,৭৫৯টা ভোট লাভ কৰি বৃহৎ ব্যবধানত অগ্ৰগতি লাভ কৰিছে । বিপিএফ এৰি নিৰ্দলীয় হিচাবে খেলা গণেশ কছাৰীয়ে এতিয়ালৈকে ৮৭৯১টা ভোটহে লাভ কৰিবলৈ সক্ষম হৈছে । ভোটৰ ব্যবধানলৈ চাই জলেন বসুমতাৰীৰ বিজয় প্ৰায় নিশ্চিত হৈছে ।
লগতে পঢ়ক- ডবকাত বিদ্যুৎ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি