৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া পাঁচ সমষ্টিত উপ–নিৰ্বাচনত মুঠ ৩১জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ অসম বিধানসভাৰ ৫ সমষ্টি ক্ৰমে গোসাইগাওঁ, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা সমষ্টিত উপ নিৰ্বাচনত মুঠ ৭,৯৬,৪৫৬ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। এই ভোটাৰসকলৰ ভিতৰত ৪,০৩,৩৭৪ গৰাকী পুৰুষ আৰু ৩,৯৩,০৭৮ গৰাকী মহিলা ভোটাৰ থকাৰ লগতে ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। আনহাতে ছাৰ্ভিছ ভোটাৰ আছে ৩,১৬৫ গৰাকী।

ভোটগ্ৰহণ হ’বলগীয়া এই ৫ সমষ্টিৰ ভিতৰত আটাইতকৈ বেছি ভোটদাতা আছে তামুলপুৰ সমষ্টিত। সমষ্টিটোত ২,১৭,৪৩২ গৰাকী ভোটদাতা আছে। আনহাতে থাওৰা সমষ্টিত আছে আটাইতকৈ কম ভোটাৰ। সমষ্টিটোত আছে ১,১৫,৯৭১ গৰাকী ভোটাৰ।
চলিত বৰ্ষৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ যোৱাবৰ্ষৰ ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা বিশেষ সংক্ষিপ্ত সংশোধনীৰ যোগে যোৱা ৮ অক্টোবৰলৈ এইবাৰৰ ভোটাৰ তালিকাত এই সমষ্টিকেইটাত মুঠ ৪৩,২২৯ গৰাকী ভোটদাতাৰ নাম নতুনকৈ সন্নিৱিষ্ট কৰা হৈছে। আনহাতে এই উপ নিৰ্বাচনত ৮,৮৬৪ গৰাকী ৮০ বছৰৰ উৰ্ধৰ ভোটাৰ আৰু ৪,৯৯৮ গৰাকী বিশেষভাৱে সক্ষম ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।

লগতে পঢ়ক নাম সলনি কৰা হ’ব ফে’চবুকৰ?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,526 other subscribers

Leave a comment

Leave a Reply