কেবিনেট বৈঠক

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠেকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

কৃষিভূমি উন্নয়নত চৰকাৰে প্ৰত্যক্ষভাৱে নিয়োজিত কৰা বিধায়ক পদ্ম হাজৰিকাক কেবিনেট পদমৰ্যদা৷

আৰক্ষী কনিষ্টবলৰ পৰা আৰম্ভ কৰি উপ পৰিদৰ্শকলৈ সকলোৰে ছুটিৰ সন্দৰ্ভত বিশেষ সিদ্ধান্ত । যিসকলৰ লগত পৰিয়াল আছে তেওঁলোকক বছৰি ১০ দিনৰ পৰিয়াল লগত নথকাসকলক বছৰি ৩০ দিন ছুটিৰ সিদ্ধান্ত

ছাত্ৰ-ছাত্ৰীৰ অনলাইন ক্লাছৰ সুবিধা হোৱাকৈ ৰাজ্যৰ চুকে-কোণে ম’বাইল টাৱাৰ স্থাপনৰ সিদ্ধান্ত । তথ্য প্রযুক্তি বিভাগক এই দায়িত্ব প্রদান কৰিছে কেবিনেটে।

সুলভ মূল্যৰ দোকানৰ বাবেও লোৱা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্রতি কুইণ্টল সামগ্ৰীৰ বাবদ সুলভ মূল্যৰ দোকানক দিয়া হ’ব ১৪৩ টকাৰ কমিছন।

সমবায় সমিতিকো প্রতি কুইণ্টল চাউলৰ বাবদ দিয়া হ’ব ১৪৩ টকা কমিছন । লগতে ৰাজ্যৰ প্রতিখন সমবায় সমিতিলৈ আগবঢ়োৱা হৈছে ৫ লাখ টকাকৈ অনুমোদন । পৰিবহণৰ বাবে সমবায় সমিতিসমূহক অগ্রাধিকাৰ দিয়া হ’ব।

কেবিনেটৰ এই সিদ্ধান্ত সমূহক কাৰ্যকৰী কৰিবলৈ তিনিগৰাকী মন্ত্রীক দায়িত্ব প্ৰদান কৰা হৈছে । চন্দ্রমোহন পাটোৱাৰী, অতুল বৰা আৰু ৰণোজ পেগুক এই দায়িত্ব প্ৰদান কৰিছে কেবিনেটৰ।

লগতে পঢ়ক প্ৰসিদ্ধ অভিনেতা দিলীপ কুমাৰ পুনৰ চিকিৎসাধীন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply