অসম কেবিনেট

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহ…

এতিয়াৰে পৰা সকলো চৰকাৰী কাৰ্যসূচী জাতীয় সংগীতেৰে আৰম্ভ হ’ব । আনহাতে ৰাষ্ট্রীয় সংগীতেৰে সমাপ্ত কৰা হ’ব ।
চৰকাৰৰ সকলো সভা-সমিতিত ব্যৱহাৰ কৰা হ’ব হাতে বোৱা গামোচা । অসমৰ শিপিনীৰ গামোচাহে ব্যৱহাৰ কৰিব পাৰিব ।
সকলো চৰকাৰী অনুষ্ঠানতে থলুৱা খাদ্যৰে আপ্যায়ন কৰা হ’ব।
দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিনটোক ‘দেশভক্ত’ দিৱস হিচাপে পালন কৰা হ’ব।
লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিনটোক ‘কৰ্মচাৰী দিন’ হিচাপে পালন কৰা হ’ব।। কৰ্মচাৰী দিন’ত প্রতিখন জিলাৰ ৫জন কৰ্মচাৰীক সন্মানিত কৰা হ’ব লগতে ৰাজ্যিক ভিত্তিত ১০ গৰাকী কৰ্মচাৰীক সন্মানিত কৰা হ’ব।
সম্পূৰ্ণ লকডাউন হোৱা জিলাত ৩দিন অভিভাৱক মন্ত্রী থাকিব।
টেট উত্তীৰ্ণৰ প্রমাণপত্র বৈধতা ৭ বছৰৰ পৰিবৰ্তে জীৱনজোৰা কৰা হৈছে । অৱশ্যে টেট উত্তীৰ্ণৰ প্রমাণপত্রৰ বৈধতা জীৱনজোৰা থাকিলেও চাকৰিৰ ঊৰ্ধ্ব সীমা প্রযোজ্য হ’ব।
বিদ্যুৎ বিল প্ৰদান কৰাৰ NOC নিদিলে চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰা হ’ব । জুলাই মাহলৈকে ৰাজ্যৰ কৰ্মচাৰীয়ে বিদ্যুৎ বিল পৰিশোধ কৰি NOC দিব লাগিব । অৱশ্যে আগষ্ট মাহৰ পৰা দৰমহা প্ৰাপ্তিৰ বাবে কৰ্মচাৰীৰ NOC প্রয়োজন হ’ব ।

লগতে পঢ়ক কেন্দ্ৰীয় মন্ত্ৰীসভাৰ আজি সম্প্ৰসাৰণ, সৰ্বানন্দ সোনোৱালৰ অন্তভুক্তিৰ ইংগিত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply