কেবিনেট বৈঠক

কালি অনুষ্ঠিত কেবিনেট বৈঠকৰ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি ঘোষণা কৰে
শিক্ষমন্ত্ৰী ৰনোজ পেগু অসম চৰকাৰৰ মুখপাত্ৰ মন্ত্ৰী পিযুষ হাজৰিকাই ।
সিদ্ধান্ত সমূহ এনে ধৰণৰ:-
আজিৰে পৰা গাঁওবুঢ়া সকলক গাঁওপ্ৰধান হিচাপে নামাকৰণ কৰা হয় । গাঁওপ্ৰধান সকলৰ বয়স নূন্যতম ৩০ বছৰ আৰু সৰ্বোচ্চ ৬৫ বছৰ হব ।
প্ৰাকৃতিক দুৰ্যোগৰ ফলত একচনীয়া অথবা চৰকাৰী আবন্টন যোগ্য ভূমিত বসবাস কৰা খিলঞ্জীয়া লোক সকলক ঘৰ তথা আন চৰকাৰী সুবিধা লাভ কৰিব৷ স্বভাৱগত বেদখলকাৰী তথা বনাঞ্চলৰ মাটিত বাস কৰা লোকে এই সুবিধা নাপাব৷
ছিপাঝাৰত মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত কৃষি কাৰ্য্য কৰিবলৈ লোৱা ৭৭ হাজাৰ বিঘা ভূমিৰ কাষতে অৱস্থিত ঢলপুৰ শিৱ মন্দিৰক পৰ্যটন স্থলীলৈ পৰ্যবেক্ষিত কৰি সংৰক্ষণ কৰাৰ বাবে মন্দিৰ কৰ্তৃপক্ষক ১৮০ বিঘা ভূমি প্ৰদানৰ সিদ্ধান্ত লোৱা হয়।
নিবনুৱা যুৱক যুৱতী সকলৰ সুবিধাৰ্থে এতিয়াৰে পৰা নিয়োগ বিনিময় কেন্দ্ৰলৈ নোযোৱাকৈ অনলাইন যোগে পঞ্জীয়ন কৰিব পাৰিব।
আগন্তুক বিধানসভাত শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ ক্ৰিয়া বিশ্ববিদ্যালয় স্থাপনৰ অনুমোদনৰ সিদ্ধান্ত কালিৰ কেবিনেট বৈঠকত লোৱা হয়।
এক গুৰুত্বপূৰ্ণ প্ৰশাসনিক সংস্কাৰ হিচাপে পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগক আৰু প্ৰশাসনিক সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগক একেলগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
এতিয়াৰে পৰা জলসিঞ্চন বিভাগৰ চিভিল,ইলেক্ট্রিকেল আৰু মেকানিকেল বিভাগক একেলগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ডিভিজন সমূহ সমষ্টি কেন্দ্ৰিক হব। ইয়াৰ দ্বাৰা প্ৰজেক্ট সমূহ সোনকালে সম্পূৰ্ণ কৰি কৃষক সকলক উপকৃত কৰিব পৰা যাব।
গো সুৰক্ষা আইন অতিশীঘ্ৰে প্ৰণয়নৰ বাবে বিধানসভাত উপস্থাপনৰ সিদ্ধান্ত কালিৰ কেবিনেট বৈঠকত লোৱা হয় ।।
ৰাজ্যিৰ সীমামূৰীয়া অঞ্চল সমূহত অন্য ৰাজ্যৰ দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা অপ্ৰীতিকৰ ঘটনাৰ পাছত দুষ্কৃতিকাৰী সমূহে অসমৰ বিষয়া কৰ্মচাৰী সকলৰ বিৰুদ্ধে নিজৰ ৰাজ্যত মোকর্দমা কৰিলে তাৰ সমূহ খৰছ অসম চৰকাৰে বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

লগতে পঢ়ক চতিয়াত পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি দুই কিশোৰৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply