কেবিনেট বৈঠকৰ পাছতে সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে কয়-
দীৰ্ঘ দিন ধৰি চলি অহা অসম-মেঘালয় সীমা বিবাদ নিষ্পত্তিৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী পৰ্য্যায়ৰ বৈঠক, দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিৰ কেইবালানিয়ো আলোচনা, যোৱা কালি অনুষ্ঠিত হোৱা ৰাজনৈতিক দল-ছাত্ৰ সংগঠন, স্বায়ত্ব শাসিত পৰিষদ আদিৰ সৈতে হোৱা আলোচনা মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কালিলৈ অসম আৰু মেঘালয় দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী দুয়োগৰাকীয়ে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক এই সিদ্ধান্ত সম্পৰ্কে অৱগত কৰি বিবাদমান ছয় স্থানৰ সাংবিধানিক ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাব।
অহা ২৪ জানুৱাৰী তাৰিখে প্ৰদান কৰিব লগা অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰদান সম্পৰ্কে আজিৰ কেবিনেটত পুঙ্খানুপুঙ্খ ভাৱে আলোচনা কৰা হয়।
কেবিনেটে মৰিগাঁও মহাবিদ্যালয় আৰু শুৱালকুচি বুধৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত নতুনকৈ বাণিজ্য শাখা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে মৰিধল মহাবিদ্যালয়(ধেমাজি) আৰু ভৱানীপুৰ কলেজ, শালবাৰী মহাবিদ্যালয়, টিংখং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয়, বচুগাঁও মহাবিদ্যালয়, বিবি কৃশান মহাবিদ্যালয়, মাধৱচন্দ্ৰ দাস মহাবিদ্যালয় এই আঠখন মহাবিদ্যালয়ত নতুনকৈ বিজ্ঞান শাখা আৰম্ভ কৰাৰ সিদ্ধান্ত আজিৰ কেবিনেটে গ্ৰহণ কৰে। এই সিদ্ধান্ত অহা শিক্ষাবৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা হব।
আজিৰ কেবিনেটে শিলচৰত ২১৪ কোটি টকা ব্যয়েৰে শিলচৰত এখন নতুন চিৰিয়াখানা স্থাপনৰ বাবে অনুমোদন প্ৰদান কৰে। অত্যাধুনিক এই চিৰিয়াখানাত জীৱ-জন্তু সমূহক বন্দী কৰি নাৰাখি মুকলিকৈ ৰখা হব।
অসমৰ চিকিৎসা মহাবিদ্যালয় সমূহত অধ্যাপক-অধ্যাপিকাসকলৰ সময়মতে প্ৰমোছনত এটা বাধা আছিল। নেশ্যনেল মেডিকেল কাউন্সিলৰ নিয়ম মতে, এটা নিৰ্দিষ্ট সময় কাম কৰাৰ পাছত তেওঁলোকে আন এটা পদলৈ অটমেটিক প্ৰমোছন পাব লাগে।
কিন্তু আজিৰ দিনত পদবী নাই কাৰণে আমি সময়মতে প্ৰমোছন দিব পৰা নাছিল। নিৰ্দিষ্ট সময় কাম কৰাৰ পাছত কৰ্মচাৰীসকলৰ প্ৰমোছন হ’বই। এছ্যুৰ্ড কেৰিয়াৰ প্ৰমোছন স্কীম অনুসৰি তেওঁলোকৰ প্ৰমোছন হ’ব।
অনতিপলমে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ আজিৰ কেবিনেটে মৰাণ স্বায়ত্ব শাসিত পৰিষদ, মটক স্বায়ত্ব শাসিত পৰিষদ, বড়ো-কছাৰী ৱেলফেয়াৰ স্বায়ত্ব শাসিত পৰিষদ আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী বিধি সমূহত অনুমোদন জনাই।
স্বায়ত্ব শাসিত পৰিষদ খনে নিয়মীয়াকৈ দৰমহা প্রদানৰ ক্ষেত্ৰত সম্মুখীন হোৱা অসুবিধা নিৰ্মূল কৰিবৰ বাবে এতিয়াৰে পৰা পৰিষদৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ প্ৰায় ১০০ গৰাকী বিষয়াৰ দৰমহা প্ৰদানৰ দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বুলি আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ফলত সঞ্চিত ধনৰাশি আন কৰ্মচাৰী সকলক নিয়মিত দৰমহা দিয়াৰ ক্ষেত্ৰত পৰিষদে ব্যৱহাৰ কৰিব।
হাফলঙত নিৰ্মাণ হৈ থকা ষ্টেডিয়ামখনৰ বাবেও ২০ কোটি টকা অতিৰিক্ত ভাৱে ৰাজ্য চৰকাৰৰ পৰা অনুমোদন কৰে। হাফলং নগৰত পানীযোগান আঁচনিৰ বাবে ১১০ কোটি টকা অনুমোদন কৰিছে।
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ডিমা-হাছাওকৈ “Vistadome” ট্ৰেইন যোগে তথা আন মাধ্যমেৰে অহা ক্ৰমাৎ বৰ্ধিত পৰ্যটকৰ প্ৰতি লক্ষ্য ৰাখি উমৰাংছু, হাফলং আৰু পানীমূৰ অঞ্চলত পৰ্যটক সকল থাকিব পৰাকৈ অসম ৰাজ্যিক পৰ্যটন নিগমৰ দ্বাৰা পৰ্যটন আন্তঃগাঁথনি (Tourism Infrastructure) নিৰ্মাণৰ বাবে ৫০ কোটি টকাৰ অনুমোদন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ পৰ্যটন ক্ষেত্ৰ সমূহক UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্থান পাবলৈ পুৰাতত্ব বিভাগক সূক্ষ্ম ভাৱে কাম কৰিবলৈ অনুৰোধ জনোৱা হব।
লগতে পঢ়ক- লখিমপুৰ জিলাৰ ধলঘাট ভীমপৰাৰ পৰা কিশোৰী সন্ধানহীন
ৰাজ্যত শেহতীয়াকৈ কোৰোনাত আক্ৰান্তৰ সংখ্যা বাঢ়িছে যদিও এতিয়াও নতুন এছ অ’ পি আনিব খোজা নাই। ৰাজ্য চৰকাৰে কোৰোনাক লৈ এটা সিদ্ধান্ত লোৱা হৈছে, পূৰ্বতে কোৰোনাত আক্ৰান্ত ৰোগীয়ে কিমান দিন কাৰ্যালয়লৈ ঘূৰি নাহিব তাৰ নিশ্চয়তা নাছিল।
কিন্তু এতিয়া কোৰোনাত আক্ৰান্ত ৰোগীয়ে ৭ দিন হাস্পতাল বা চিকিৎলায়ত থাকি অষ্টম দিনা ঘূৰি আহিব লাগিব। অৱশ্যে চিকিৎসকে ৰোগীজনক অধিক দিন ৰাখিলে বা ঘৰতে থাকিবলৈ পৰামৰ্শ দিলে তেওঁৰ বাবে এই নিয়ম প্ৰযোজ্য নহ’ব। বৰ্তমান অসমত ৪ কোটিতকৈ অধিক ভেকচিন পালি দিয়া হৈছে। ইয়াৰে ১ কোটি ১২ লাখ দ্বিতীয় পালি ভেকচিন। পৰৱৰ্তী কেবিনেট বৈঠক হ’ল শিলচৰত।