অসম কেবিনেটে আজি কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে। অসমৰ গোৰ্খা সম্প্রদায়ৰ লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় কেবিনেটত। অসমৰ গোৰ্খাসকলৰ ডি ভোটাৰৰ নামত কোনো গোচৰ নলয়।
প্ৰাক্তন সাংসদ ৰমেন ডেকাক ষ্টেট ইন’গিউৰেচন এণ্ড ট্রেন্সফৰ্মেশ্যন আয়োগৰ উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে।
মাটিৰ ম্যাদিৰ ক্ষেত্রতো কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ভূমি আৱণ্টন পোৱা লোকে ১৫বছৰৰ পিছতহে বিক্রী সিদ্ধান্ত ল’ব পাৰিব। ব্যক্তিগৰাকীয়ে মাটি লাভ কৰাৰ দিনাই ম্যাদি পট্টা লাভ কৰিব।
ফ্লেট ক্রয়-বিক্রয়ৰ বাবে চৰকাৰৰ অনুমতি ল’ব নালাগে।
এতিয়াৰ পৰা ট্রেড লাইচেঞ্চৰ বাবে পৌৰসভাত যাব নালাগে। কম্পিউটাৰত অনলাইনযোগে সমগ্র কাম কৰিব পাৰিব।
১লাখ নিযুক্তিৰ বাবে শিক্ষা বিভাগত ২২,৯২১টা পদত নিযুক্তিৰ অনুমোদন। ১০ হাজাৰ প্রাথমিক শিক্ষাত নিযুক্তিৰ অনুমোদন। বাকী পদসমূহত ছেকেণ্ডাৰী শিক্ষা বিভাগত দিয়া হ’ব নিযুক্তি।
অনুসূচিত জাতি, পাৰ্বত্য জনজাতিৰ বাবে বিশেষ টেট পৰীক্ষা। ১ ছেপ্টেম্বৰৰ পৰা বিশেষ টেট পৰীক্ষা অনুষ্ঠিত হ’ব।
লগতে পঢ়ক ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থী অৱতীৰ্ণ হ’ব পাৰিব বিশেষ পৰীক্ষাত