নিউজ ডেস্ক: জনতা ভৱনত আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও সিদ্ধান্ত লয় ।
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইক নতুন দায়িত্ব অৰ্পণ কৰিছে ৰাজ্য চৰকাৰে।
আজি অনুষ্ঠিত কেবিনেট বৈঠকে নগাঁৱৰ প্ৰাক্তন সাংসদগৰাকীক খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত ‘Assam Food and Civil Supplies Corporation’ৰ অধ্যক্ষৰ দায়িত্ব দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।
গোহাঁইক কেবিনেটৰ মৰ্যাদা প্ৰদান কৰা হৈছে বুলি সংবাদমেলত প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ননীগোপাল মহন্তক ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টাৰ দায়িত্ব দিয়া হৈছে। আজি অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
অধ্যাপক মহন্তক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰা হ’ব।
নদীৰ পলসুৱা মাটি উঠোৱাৰ ক্ষেত্ৰত জিলা উপায়ুক্তক প্ৰদান কৰা হৈছে পূৰ্ণ কৰ্তৃত্ব।
একচনীয়া পট্টা থকা লোকসকলক পি এম কিষাণ যোজনাৰ বাবে যোগ্য হিচাপে বিবেচনাৰ সিদ্ধান্ত গ্ৰহণ।
আনহাতে তৌজিবাহী খাজনা থকাসকলো অন্তৰ্ভুক্ত হ’ব এই আঁচনিত।
প্ৰতিখন জিলাত গঠন কৰা হ’ব জিলা তদাৰক কমিটী আৰু নিৰীক্ষণ কমিটী।
প্ৰতিটো ব্লকত গঠন কৰা হ’ব ব্লক তদাৰক কমিটী আৰু নিৰীক্ষণ কমিটী।
লগতে পঢ়ক NLFBৰ মুৰব্বী দুৰ্ধৰ্ষ উগ্ৰপন্থী এম বাথাসহ ২৩ জন উগ্ৰপন্থীৰ আত্মসমৰ্পণ