কেবিনেট বৈঠক

আজি অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত শক্তি খণ্ডৰ উন্নয়নৰ বাবে নতুন বিদ্যুৎ সংযোগ ব্যৱস্থা আৰু স্মাৰ্ট মিটাৰ স্থাপন, মৈত্ৰী আঁচনিৰে আৰক্ষী থানাৰ উত্তৰণ, ব্যাঘ্ৰ সুৰক্ষাৰ বাবে ওৰাং ব্যাঘ্ৰ সংৰক্ষণ ফাউণ্ডেচন ন্যাস গঠন, ধেমাজি জিলাৰ ৮৯খন ৰাজহ গাঁও সামৰি চিচি টেঙানী জনজাতীয় বেল্ট গঠনকে ধৰি বহুকেইটা বিষয় সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকাৰ মাজতে মঙলবাৰে কইনাধৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পাতিলে সাপ্তাহিক কেবিনেট বৈঠক৷এই কেবিনেট বৈঠকত বহুকেইটা বিভাগৰ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়৷

কেবিনেটত লোৱা সিদ্ধান্ত সমূহ হ’ল-

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত যি সমূহ সুলভ মূল্যৰ দোকান আছে আৰু যিবোৰ দোকানত ৫০ খন বা তাতকৈ কম ৰেচন কাৰ্ড আছে সেই সমূহ অন্য সূলভ মূল্যৰ দোকানৰ লগত চামিল কৰা হ’ব।কিন্তু যি সমূহ দোকান বিধৱা বা শাৰিৰীক ভাৱে সক্ষম লোক সকলৰ হাতত আছে সেই সমূহ দোকানক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে৷

নতুন থানা, পুৰণি থানাৰ মেৰামতিৰ বাবে, নিৰ্মাণৰ বাবে গৃহ বিভাগলৈ ১২০ কোটি টকাৰ অনুমোদন।

অংগনবাড়ী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়ত বিদ্যুত সংযোগৰ বাবে কেবিনেটে ১৬১ কোটি টকাৰ অনুমোদন দিয়ে৷ইয়াৰে ৪৮,২৩১টা অংগনবাড়ী কেন্দ্ৰ আৰু ১৩,১২০খন প্ৰাৰ্থমিক বিদ্যালয়ত বিদ্যুত সেৱা সংযোগ কৰা হ’ব৷

চহৰ অঞ্চলৰ ৬ লাখ ২০ হাজাৰ ১০০ ঘৰত নতুন স্মাৰ্ট মিটাৰ স্হাপনৰ সিদ্ধান্ত।স্মাৰ্ট মিটাৰ হোৱাৰ পিছত বিল অনলাইন, বিদ্যুৎ ঘৰলৈ নোযোৱাকৈ কৰ্তন আৰু সংযোগৰ ব্যৱস্হা কৰিব পৰা যাব।

কেবিনেটে শক্তি বিভাগলৈ তিনিটা খণ্ডত ২১২৯ কোটিৰ অনুমোদন দিয়ে৷২১২৯ কোটি টকাৰ ভিতৰৰে ২৫০ কোটি টকাৰে ক্ৰয় কৰিব ৯০০০টা নতুন ট্ৰেন্সফৰ্মাৰ৷মেৰামতি কৰা হ’ব ৪৫০০টা ট্ৰেন্সফৰ্মাৰ৷স্থাপন কৰিব ৭০টা নতুন উপ-কেন্দ্ৰ৷

গ্ৰাম্য অঞ্চলৰ ৪ লাখ ৮০ হাজাৰ ২৯৫ টা ঘৰত বিজুলী সংযোগ দিবলৈ বাকী আছে।সেই সমূহ ঘৰত বিজুলী সংযোগ দিবৰ বাবে ১৭১৮ কোটি টকা অনুমোদন।

লগতে পঢ়ক- পেট্ৰ’লৰ মূল্য ১০০ সীমা অতিক্ৰম কৰাৰ পিছতো শাসকীয় বিজেপি নেতাৰ তুলুঙা মন্তব্য

কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত সমূহ অবগত কৰাৰ মাজতে স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই কয়, কোভিড পৰিস্থিতিক লৈ অহা এটা সপ্তাহৰ ভিতৰত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে অসম চৰকাৰে । দুৰ্গা পূজাৰ পাছত এটা সপ্তাহ কোভিড পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিব চৰকাৰে । পৰিস্থিতি অৱনতি বা সংক্ৰমণ বৃদ্ধি পালে চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply