আজি জনতা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ–

এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে মাত্ৰ ২ মিনিট সময়ৰ বাবেহে অন্যান্য বাহন পথত ৰখাই থ’ব পাৰিব।

মুখ্যমন্ত্ৰীৰ কনভয়ত গুৱাহাটী মহানগৰত থাকিব কেৱল ৬ খন বাহন।আনহাতে গুৱাহাটীৰ বাহিৰত মুখ্যমন্ত্ৰীৰ কনভয়ত থাকিব ১২ খন বাহন।

সকলো চৰকাৰী অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু কোনো চৰকাৰী বিষয়াক সম্বৰ্ধনা জনোৱা নহ’ব৷ অৱশ্যে কেন্দ্ৰীয় মন্ত্ৰীৰ বিষয়টো পৃথক।

জিলা পৰ্যায়ত মন্ত্ৰীসকলে কেৱল সম্বৰ্ধনাৰ নামত গছপুলি ৰোপন কৰিব পাৰিব।

বাজেট বৰ্হিভূত কোনো আঁচনি মন্ত্ৰীয়ে ঘোষণা কৰিব নোৱাৰিব৷

তামুলপুৰ জিলাক কেবিনেটৰ জিলা হিচাপে অনুমোদন।

প্ৰত্যেক জিলাৰ প্ৰতিষ্ঠাৰ দিনটো জিলা দিৱস হিচাপে উদযাপন কৰা হ’ব।

গুৱাহাটীত মুখ্যমন্ত্ৰীৰ কনভয়ত ৬ খন গাড়ী আৰু বাহিৰত ১২ খন গাড়ী থাকিব

১০ মাৰ্চৰ পূবে পৌৰসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুৰোধ।

১৪ মাৰ্চৰ পৰা বাজেট অধিবেশনৰ বাবে ৰাজ্যপালক অনুৰোধ।

জল জীৱন মিছন ক্ষিপ্ৰতাৰে সমাপ্ত কৰিবলৈ নিৰ্দেশ আৰু সকলো অভিভাৱক মন্ত্ৰীক নিৰীক্ষণৰ নিৰ্দেশ কেবিনেটৰ।

পৌৰসভা নিৰ্বাচনৰ পিছতেই হ’ব পৌৰ নিগমৰ নিৰ্বাচন।

লগতে পঢ়ক- কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে নিয়োজিত কামাণ্ডো বাহিনী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply