গুৱাহাটীঃ ৰাজ্যৰ সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক সন্মানীত কৰাৰ বাবে পূৰ্বৰ অসম ৰত্ন বঁটাৰ লগতে অসম চৰকাৰে আৰু তিনিটা নতুন বঁটা প্ৰবৰ্তনৰ বাবে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।

এই বছৰৰ পৰা প্ৰতিবছৰে শিক্ষা, সাহিত্যৰ লগতে বিভিন্ন শিতানত অৱদান আগবঢ়াই অহা বিশিষ্ট অৱদানৰ বাবে এগৰাকী ব্যক্তি প্ৰতি বছৰে ‘অসম ৰত্ন’ বটাঁ প্ৰদান কৰা হ’ব ৷

লগতে পঢ়কঃ আজিৰ কেবিনেট বৈঠকত কি সিদ্ধান্ত ল’লে

‘অসম ৰত্ন’ বটাঁত থাকিব পাঁচ লাখ টকা। বটাঁ প্ৰাপক সকলক বিনামূলীয়া চিকিৎসা সেৱাৰ লগতে চাৰ্কিট হাউচত থকাৰ সুবিধা প্ৰদান কৰা হ’ব।

সেইদৰে আগতীয়া জাননী সাপেক্ষে অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত বিনামূলীয়া ভ্ৰমণৰ সুবিধা আগবঢ়োৱা হ’ব।

অসম ৰত্ন বঁটাৰ উপৰি আগবঢ়াবলগীয়া আন তিনিটা বঁটা হৈছে অসম বিভূষণ, অসম ভূষণ আৰু অসমশ্ৰী বঁটা। অসম ৰত্ন বঁটাত ৫লাখ টকা আগবঢ়োৱাৰ বিপৰীতে অসম বিভূষণ বঁটাত ৩লাখ টকা, অসম ভূষণ বঁটাত ২লাখ টকা আৰু অসমশ্ৰী বঁটাত ১লাখ টকা থাকিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply