নিউজ ডেস্ক : অসম চৰকাৰৰ গড়কাপ্তানি আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগত নতুনকৈ ৯০০ টা পদত নিযুক্তি সৃষ্টি হ’ব। বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে কেবিনেট মিটিঙত এই সম্পৰ্কে এই সিদ্ধান্ত গ্ৰহণ কৰে।
মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত ৰাজ্যৰ বিভিন্ন স্থানত গড়কাপ্তানি কাম সুচাৰুৰূপে পৰিচালনা কৰিবলৈ নতুনকৈ ৮টা চক্ৰ, ২০ টা নতুন সংমণ্ডল আৰু ২৮ টা মহকুমা স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে।
ইয়াৰ উপৰি কেবিনেটে উক্ত বিভাগটোৰ বাবে ৮০৪ টা কাৰিকৰী পদ সৃষ্টি কৰাত অনুমোদন জনোৱা বুলি বিজ্ঞপ্তি যোগে প্ৰকাশ কৰিছে।
একেদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ক্ষেত্ৰটো কেবিনেটে মাজুলী, দক্ষিণ শালমৰা-মানকাচাৰ আৰু বজালী জিলাত তিনিটা নতুন মণ্ডল স্থাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইয়াৰ ফলত বিভাগটোত নতুনকৈ ৯৩ টা পদ সৃষ্টি হ’ব বুলি বিজ্ঞপ্তিত জনোৱা হৈছে।
লগতে পঢ়ক : মানকাচৰৰ সুখচৰ বেৰাভাঙাত গড়াখহনীয়াৰ কাল ৰূপ