গুৱাহাটীঃ কাজিৰঙাত এখন পঞ্চতাৰকা হোটেল স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে বুধবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত । কাজিৰঙাত পৰ্যটন বিকাশৰ বাবে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰে ছৰাফ হোটেল এণ্ড এন্টাৰপ্ৰাইজ (হায়াত গ্ৰুপ অফ হোটেলছ)এ নিৰ্মাণ কৰিব পঞ্চতাৰকা হোটেলখন।

আনহাতে, ৰাজ্যিক কেবিনেট বৈঠকে ‘ভয়ামত পাহাৰীয়া জনজাতি’ আৰু ‘পাহাৰত ভয়াম জনজাতি’ৰ প্ৰমাণপত্ৰ জাৰী কৰণৰ হেতু উচ্চমানৰ প্ৰক্ৰিয়াৰ নিৰ্দেশনাও অনুমোদন জনাইছে।

ৰাজ্য চৰকাৰৰ অৰ্থনৈতিক,শৈক্ষিক আৰু নিযুক্তিৰ লাভালাভ প্ৰাপ্ত কৰাত সহায়ক হোৱাকৈ মিছন ভূমিপুত্ৰৰ অধীনত অনুসূচীত জাতি/অনুসূচীত জনজাতি/অন্যান্য পিছপৰা শ্ৰেণী/বাকী অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণপত্ৰৰ দৰে উপায়ুক্তৰ দ্বাৰা অনলাইন যোগে যোগ্যসকলক জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply