গুৱাহাটীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মঙলবাৰে অনুষ্ঠিত অসম কেবিনেটৰ বৈঠকে প্ৰাক্তন সৈনিক আৰু সৈনিকৰ বিধৱা পত্নীসকলক দেশৰ প্ৰতি তেওঁলোকে আগবঢ়োৱা সেৱাক সন্মান জনোৱাৰ বাবে সম্পত্তি কৰ পৰিশোধ কৰাৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত লয়।
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে প্ৰাক্তন সৈনিক/বিধৱাসকলক সম্পত্তি কৰ পৰিশোধ কৰাৰ পৰা ৰেহাই দিয়াৰ বাবে অসম পৌৰ আইন, ১৯৫৬ আৰু গুৱাহাটী পৌৰ নিগম আইন, ১৯৬৯ সংশোধনৰ বাবে ৰাজ্যিক বিধানসভাত বিধেয়ক উত্থাপন কৰা হ’ব।
কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে গঠন কৰা সমিতিসমূহৰ পৰামৰ্শ অনুসৰি গৰীয়া, মৰিয়া, জলহা, দেশী আৰু চৈয়দক খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায় হিচাপে চিহ্নিত কৰাত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে।
“এই পদক্ষেপে স্বাস্থ্য সেৱা, সাংস্কৃতিক পৰিচয়, শিক্ষা, বিত্তীয় অন্তৰ্ভুক্তি, দক্ষতা বিকাশ আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত সৰ্বাংগীন বিকাশ নিশ্চিত কৰিব।” বুলি মহন্তই কয়।
কেবিনেটে এছআইডিবিআই আৰু অসম চৰকাৰৰ অধীনত ক্ৰেডিট গেৰাণ্টি ফাণ্ড ট্ৰাষ্ট ফৰ মাইক্ৰ’ এণ্ড স্মল এণ্টাৰপ্ৰাইজেছ (চিজিটিএমএছই)ৰ মাজত অসমৰ মাইক্ৰ’ এণ্ড স্মল ইউনিটসমূহক প্ৰদান কৰা ঋণৰ বাবে অতিৰিক্ত অনিশ্চয়তাৰ কভাৰেজ প্ৰদান কৰা আৰু চিজিটিএমএছইৰ পৰা ৮০ শতাংশ আৰু অসম চৰকাৰৰ পৰা ২০ শতাংশৰ সৈতে ১০০ কোটি টকাৰ কৰ্পছ ফাণ্ড সৃষ্টিৰ বাবে সহযোগিতাত অনুমোদন জনায়।
অসম ঔদ্যোগিক উন্নয়ন নিগম (এআইডিচি) লিমিটেডক এছআইডিবিআইৰ সৈতে বুজাবুজিৰ চুক্তি তৈয়াৰ কৰিবলৈ কৰ্তৃত্ব দিয়া হৈছে, তেওঁ লগতে কয়।
কেবিনেটে অসম ঔদ্যোগিক উন্নয়ন নিগম (এআইডিচি) লিমিটেডক এছআইডিবিআইৰ সৈতে বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে। লগতে এছআইডিবিআই আৰু এআইডিচি লিমিটেডৰ মাজত স্বাক্ষৰিত হ’বলগীয়া বুজাবুজি চুক্তিৰ জৰিয়তে ২০০ কোটি টকাৰ ভেঞ্চাৰ কেপিটেল ফাণ্ড গঠনৰ বাবেও অনুমোদন জনাইছে।
প্ৰথম বিভাগত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীক ১৬,০০০ টকাৰ এককালীন বৃত্তি প্ৰদান কৰাৰ সিদ্ধান্তও বৈঠকত লোৱা হয়।
কেবিনেটে তথ্য প্ৰৱেশাধিকাৰ, তথ্য ব্যৱহাৰ উন্নীতকৰণ আৰু সেৱাসমূহৰ দক্ষ বিতৰণ নিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক তথ্য নীতি,২০২২ত অনুমোদন জনায়।
‘অসম নৱীকৰণযোগ্য শক্তি নীতি, ২০২২’ এ শক্তিখণ্ডত নৱীকৰণযোগ্য শক্তিৰ বিকাশৰ দিশত বিশেষ ভূমিকা গ্কৰহণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু এই নীতিৰ লক্ষ্য হৈছে পাঁচ বছৰৰ ভিতৰত মুঠ ১২০০ মেগাৱাটৰ নৱীকৰণযোগ্য শক্তি উৎপাদন কৰা।
কেবিনেটে প্ৰদূষণকাৰী বাহনসমূহ পৰ্যায়ক্ৰমে বাতিল কৰি যানবাহনৰ প্ৰদূষণ হ্ৰাস কৰাৰ বাবে ‘এণ্ড অৱ লাইফ’ বাহনৰ চলাচল বাতিল কৰাটো নিশ্চিত কৰাৰ বাবে অসম বাহন স্ক্ৰেপেজ নীতি, ২০২২ অনুমোদন জনায়।
বৈঠকত নিৰ্বাচিত সদস্যসকলৰ সঠিক পাৰিতোষিক নিশ্চিত কৰিবলৈ পৌৰসভাৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু আয়ুক্তসকলৰ পাৰিতোষিক ৫,০০০ টকালৈ বৃদ্ধিৰ বাবেও অনুমোদন জনোৱা হয়।
লগতে পঢ়কঃঅসমৰ পাঁচটা জনগোষ্ঠীৰ লোকলৈ খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি ৰাজ্য চৰকাৰৰ