নিউজ ডেস্কঃ প্ৰতিটো শিক্ষাবৰ্ষৰ শেষত পঞ্চম আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তক আদৰণি জনাইছে ৰাজ্যৰ শিক্ষকসকলে।

শুকুৰবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেট বৈঠকে শিশুৰ শিক্ষা সুনিশ্চিতকৰণৰ লক্ষ্যৰে প্ৰতিটো শিক্ষাবৰ্ষৰ শেষত পঞ্চম আৰু সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত কৰাৰ লগতে শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ(সংশোধনী) আইন,২০১৯ৰ অধীনত একে শ্ৰেণীত ৰখাৰ পদ্ধতি আৰু চৰ্তৰ দিশত অধিসূচনা জাৰি কৰাত অনুমোদন জনায় ।

ইষ্টম’জ’ অসমৰ প্ৰতিনিধিৰ সৈতে কেইবাগৰাকীয়ো শিক্ষকৰ এই সন্দৰ্ভত টেলিফোনিক বাৰ্তালাপ হৈছিল। অসম চৰকাৰৰ এই সিদ্ধান্তক সকলোৱে আদৰণি জনাইছে । চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তই বৰ্তমান শিক্ষাৰ মানদণ্ডক অধিক আগুৱাই নিব বুলি আশাবাদী শিক্ষকসকল।

আনহাতে, এগৰাকী ছাত্ৰই কয়, ”বহু লৰা-ছোৱালী নপঢ়াকৈয়ে, একো নিশিকাকৈয়ে পাছ কৰি যায়। সৰ্বশিক্ষা বাস্তৱত কি পৰ্যায়ত আছে আৰু শিক্ষা বিভাগ তথা অভিভাৱকৰ আচল ছবিখন দেখা যাব। সকলোৱে বিচাৰে আমাৰ শিক্ষা ব্যৱস্থা উন্নত মানৰ আৰু সকলো সুবিধাযুক্ত হওক। কেৱল বিনামূলীয়া শিক্ষাৰ নামত আমি গুণগত শিক্ষাৰ কথা পাহৰি গলে নহব। পঞ্চম আৰু অষ্টম শ্ৰেণীত বছৰেকীয়া পৰীক্ষাই ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰতিযোগিতাৰ ভাৱ সঞ্চাৰ কৰিব। লগতে আমাৰ বুদ্ধিমত্তা আৰু সামগ্ৰিক শৈক্ষিক ব্যৱস্থাৰ পৃষ্ঠভূমি স্পষ্টকৈ দেখা পোৱা যাব!”

উল্লেখ্য যে, অসম চৰকাৰৰ এই শিক্ষা ব্যৱস্থা মতে, পৰীক্ষাত অনুত্তীৰ্ণ শিশুক পুনৰ বিশেষ পৰীক্ষা অনুষ্ঠিত নোহোৱালৈকে অতিৰিক্ত নিৰ্দেশনা দিয়া হ’ব আৰু কোনো ক্ষেত্ৰতে শিশুটিক বহিষ্কাৰ কৰা নহ’ব। বাৰ্ষিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পৰা ২মাহৰ ভিতৰত পুনঃপৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।পুনঃপৰীক্ষাত কৃতকাৰ্য শিশুৰ বাবে পৰৱৰ্তী উচ্চ শ্ৰেণীত নামভৰ্তিৰ ব্যৱস্থা থাকিব। এইক্ষেত্ৰত উচ্চ শ্ৰেণী নথকা বিদ্যালয়ে এনে শিশুক আন বিদ্যালয়ত বাধ্যতামূলক হিচাপে নামভৰ্তি কৰাব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply