গুৱাহাটী : ৰাজ্যৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পৰীক্ষাৰ ক্ষেত্ৰত কেবিনেটে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই গোটেই বিষয়টোৰ পৰ্য্যলোচনাৰ বাবে কেবিনেটে জিলা উপায়ুক্ত, বিদ্যালয়ৰ পৰিদৰ্শক আদিক লৈ এক বিশেষ আভ্যন্তৰীণ মূল্যায়ন কমিটী গঠন কৰিছে।
উক্ত কমিটীত জিলা শিক্ষা পৰিষদৰ সম্পাদক, ব্যক্তিগত বিদ্যালয়ৰ প্ৰতিনিধি অন্তৰ্ভুক্ত থাকিব।
কেবিনেটে লোৱা সিদ্ধান্তমৰ্মে নৱম শ্ৰেণীৰ এটা ইউনিট টেষ্ট পৰীক্ষাৰ পাছত ছমহীয়া পৰীক্ষা আৰু আন এটা ইউনিট টেষ্ট পৰীক্ষাৰ পাছত বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ’ব।
দশম শ্ৰেণীৰ ক্ষেত্ৰত প্ৰি-ব’ৰ্ড পৰীক্ষা থাকিব। দশম শ্ৰেণীৰ ইউনিট টেষ্টৰ বাবে জিলা পৰীক্ষা কমিটীয়ে আৰ্হি প্ৰশ্ন কাকত প্ৰস্তুত কৰাৰ বিপৰীতে ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত এখন গোপন কমিটীয়ে প্ৰস্তুত কৰিব।
আনহাতে পৰীক্ষাৰ বহীসমূহ বিদ্যালয়তে নিৰীক্ষণ কৰা হ’ব বুলি জানিব পৰা গৈছে। অৱশ্যে ছমহীয়া, বছৰেকীয়া আৰু প্ৰি-ব’ৰ্ডৰ পৰীক্ষাৰ বহী মূল্যায়নৰ পৃথক ব্যৱস্থা থাকিব বুলি কোৱা হৈছে।
ইয়াৰ উপৰি কেবিনেটে লোৱা সিদ্ধান্ত মৰ্মে উক্ত পৰীক্ষা সমূহৰ তথ্য নিৰ্দিষ্ট প’ৰ্টেলত আপলোড কৰিব লাগিব।
লগতে পঢ়ক : নাজিৰাত ONGC-ৰ পাইপলাইন ফুটি কেইবা বিঘা কৃষিভূমিৰ বিস্তৰ ক্ষতি