গুৱাহাটীঃ সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ বৈঠক। বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়।

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্বান্ত সমূহ হৈছে-

অসম মটৰ বাহন বিধি, ২০০৩ সংশোধন। বিভিন্ন মটৰ বাহন অপৰাধৰ অধীনত জব্দ কৰা, দখলীকৃত আৰু আটক কৰা বাহনৰ নিলাম কৰাৰ বাবে বিষয়াসকলক ক্ষমতা প্ৰদানৰ হেতু অসম মটৰ বাহনৰ বিধি, ২০০৩ সংশোধন কৰা হৈছে। এই সংশোধনীৰ অধীনত যিবোৰ গাড়ী জব্দ কৰা হ’ব সেই গাড়ী ৯০ দিনৰ পিছত নিলাম কৰিব পাৰিব।

সহকাৰী খণ্ড উন্নয়ন বিষয়া (পঞ্চায়ত )আৰু সহকাৰী খণ্ড উন্নয়ন বিষয়া  (মহিলা আৰু শিশু)ৰ ফিডাৰ কেডাৰৰ পৰা খণ্ড উন্নয়ন বিষয়া পদলৈ পদোন্নতিৰ বাবে যোগ্যতা অৰ্জনকাৰী সেৱাৰ ম্যাদ ১৫ ৰ পৰা ১৩বছৰলৈ এককালীন শিথিলতা। ই পদোন্নতি কোটাৰ পৰা খণ্ড উন্নয়ন বিষয়াৰ  ৩৪টা খালী পদ পূৰণ কৰাটো নিশ্চিত কৰিব।

অসম সেৱা পেঞ্চন বিধি,১৯৬৯ সংশোধন কৰা হৈছে। পেঞ্চনাৰসকলৰ অবিবাহিত নিৰ্ভৰশীল কন্যাই পাৰিবাৰিক পেঞ্চন লাভত সন্মুখীন হোৱা কষ্ট লাঘৱ হ’ব।

অবিবাহিত কন্যাসকলে যোগ্য হিতাধিকাৰীক পেঞ্চন বিতৰণ নকৰাৰ অভিযোগৰ ক্ষেত্ৰত চৰকাৰে যোগ্য ব্যক্তিসকলৰ মাজত সমানে বিতৰণ কৰিব পৰাকৈ অনুচ্ছেদ সংযোগ কৰিছে।

অসমক ‘লজিষ্টক হাব’লৈ ৰূপান্তৰৰ প্ৰচেষ্টা। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা লজিষ্টিক সুবিধা স্থাপনৰ বাবে প্ৰয়োজনৰ ভিত্তিত ভূমি ৰূপান্তৰক অগ্ৰাধিকাৰ প্ৰদান।

২অক্টোবৰৰ পৰা কাগজবিহীন হ’ব জনতা ভৱন। ই-ফাইল নিষ্পত্তিৰ বাবে এছ অ’ পি।

নগৰ আৰু গ্ৰাম্য পৰিকল্পনা আঁচনি,স্থানীয় এলেকা পৰিকল্পনা আদিৰ উদ্দেশ্যে পৰিকল্পনা এলেকা ঘোষণা।

পৰিবহণমুখী উন্নয়ন,হস্তান্তৰযোগ্য উন্নয়ন অধিকাৰ, ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আদিৰ বাবে বিশেষ ব্যৱস্থা অন্তৰ্ভুক্তিকৰণ।

মণ্ডল আৰু আমিনৰ বেতন অতিৰিক্ত ৩% লৈ বৃদ্ধি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,481 other subscribers

Leave a comment

Leave a Reply Cancel reply