গুৱাহাটী: মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ আজি নতুনকৈ সম্প্ৰসাৰণ ঘটোৱা হয়। জনসংযোগ বিভাগে এক প্ৰেছ বাৰ্তাৰ জৰিয়তে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা প্ৰকাশ কৰে।
নতুন মন্ত্ৰীসভাত দুজন বিধায়কে স্থান লাভ কৰে। নতুনকৈ মন্ত্ৰীসভাত স্থান লাভ কৰা বিধায়ক দুজন হৈছে হাফলঙৰ বিজেপি বিধায়িকা নন্দিতা গাৰ্লোছা আৰু নলবাৰীৰ বিধায়ক জয়ন্তমল্ল বৰুৱা।
বৃহস্পতিবাৰে আৱেলি ৩ বজাত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মন্ত্ৰী দুগৰাকীয়ে শপত গ্ৰহণ কৰিব।
উল্লেখযোগ্য যে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে মুখ্য মন্ত্ৰীয়ে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা কোৱাৰ পিছৰে পৰা বিষয়টোক লৈ যথেষ্ট চৰ্চা চলিছিল।
বহুতেই মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী বা ডিমৌৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁইয়ে নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিব বুলি অনুমান কৰিছিল যদিও সকলো চৰ্চাৰ অন্ত পেলাই জয়ন্তমল্ল আৰু নন্দিতা গাৰ্লোছাক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হয়।
লগতে পঢ়ক – PUBG খেলাত বাধা দিয়াৰ বাবেই নিজ মাতৃক গুলীয়াই হত্যা