নিউজ ডেস্কঃ কেবিনেট বৈঠকত দিব্যাংগজনৰ বাবে চাকৰি সংৰক্ষণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যোৱা ৭ মে’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰাহিত্যত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে।

সেই অনুসৰি প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ বৰ্গীয় পদত পোনপটীয়া নিযুক্তিত নিৰ্দিষ্ট পৰ্যায়ৰ বিকলাংগ ব্যক্তিৰ বাবে ৪ শতাংশ সংৰক্ষণ থাকিব। ই বিকলাংগ ব্যক্তিৰ অধিকাৰ আইন ২০১৬ আৰু ভাৰত চৰকাৰৰ দ্বাৰা ২০১৭ত প্ৰস্তুত কৰা নিয়মৰ সামঞ্জস্যপূৰ্ণ।

উল্লেখ্য যে, পূৰ্বে এনে সংৰক্ষণৰ লাভালাভ কেৱল তৃতীয় আৰু চতুৰ্থ বৰ্গীয়ৰ পদোন্নতিত সীমাবদ্ধ আছিল। এতিয়া প্ৰথম আৰু দ্বিতীয় বৰ্গীয় সকলো পদলৈ সম্প্ৰসাৰিত কৰা হৈছে।

ইফালে, হিন্দুস্তান পেপাৰ কৰ্পৰেচন প্ৰাক্তন কৰ্মচাৰীৰ নিযুক্তিৰ ক্ষেত্ৰতো গ্ৰহণ কৰা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সেই অনুসৰি, হিন্দুস্তান পেপাৰ কৰ্পৰেচন লিমিটেডৰ ৮৪জন প্ৰাক্তন কৰ্মী-কৰ্মচাৰীক প্ৰৱেশ পৰ্যায়ত তেওঁলোকৰ অৰ্হতা অনুসৰি ৰাজ্য চৰকাৰ বিভিন্ন বিভাগীয় পদত নিযুক্তি দিয়াৰ বাবে বিশেষ নিয়োগ অভিযান। এই ক্ষেত্ৰত উচ্চ বয়সৰ সীমা পৰিহাৰ কৰি উপযুক্ত পদত ৰাজ্য চৰকাৰৰ বেতন স্কেলৰ সমতাৰ সিদ্ধান্ত গ্ৰহণ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply