নিউজ ডেস্ক : নতুন বছৰৰ প্ৰথম দিনটোতে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি কইনাধৰাত অনুষ্ঠিত হয় ৰাজ্যৰ কেবিনেট বৈঠক। উক্ত বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কেবিনেট বৈঠকত PSO প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি এতিয়াৰ পৰা সাংবিধানিক পদত থকাসকলেহে পাব PSO। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীৰ লগত পূৰ্বৰ দৰে ২২ খন গাড়ীৰ পৰিৱৰ্তে এতিয়াৰ পৰা ৭ খন গাড়ীহে থাকিব।
আনহাতে নিৰাপত্তাজনিত সমস্যা নাথাকিলে এতিয়াৰ পৰা প্ৰাক্তন মুখ্য মন্ত্ৰীসকলৰ বাবে নিৰাপত্তাৰক্ষী আৰু চৰকাৰী ঘৰৰ ব্যৱস্থা নাথাকিব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকত মুখ্য মন্ত্ৰীয়ে কয়, ‘PSO ষ্টেটাছ ছিম্বল নহয়।’
মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰা অনুসৰি, বৰ্তমান সময়ত ৪টা বেটেলিয়নৰ ৪০০০ লোক দেহৰক্ষী হিচাপে নিযুক্ত হৈ আছে। তাৰে, ২০২৬ জন আছে ৰাজনৈতিক নেতাৰ লগত, অৱসৰপ্ৰাপ্ত বিষয়াৰ লগত আছে ৮৫৪জন দেহৰক্ষী, ন্যায়িক বিষয়াৰ সৈতে আছে ৫৪৬ জন, ব্যৱসায়ীৰ লগত ১৬৭জন, ইয়াৰ উপৰি প্ৰাক্তন উগ্ৰপন্থীৰ লগত ৫২ জন দেহৰক্ষী নিযুক্ত হৈ আছে।
কেবিনেটত গ্ৰহণ কৰা আন কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল –
ৰাজ্যত ২৫০০ খন নতুন প্ৰাথমিক বিদ্যালয় নিৰ্মাণ কৰা হ’ব।
কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিড’ৰ নিৰ্মাণ হ’ব ৷ ইয়াৰ বাবে ৬ হাজাৰ কোটি টকা প্ৰকল্প ধাৰ্য্য কৰা হ’ব ৷
ব্ৰহ্মপুত্ৰৰ তলেৰে মিছাৰ পৰা তেজপুৰলৈ সুৰংগ পথ নিৰ্মাণ। ব্ৰহ্মপুত্ৰৰ ওপৰত মৰিগাঁও আৰু মংগলদৈ সংযোগী দলং নিৰ্মাণ কৰা হ’ব।
FCI –এ অসমৰ কৃষকৰ পৰা ১০ লাখ মেট্ৰিক টন ধান কিনিব।
অহা ৭ জানুৱাৰীত বড়ো বিদ্ৰোহী গোট এন ডি এফ বি-ৰে চৰকাৰৰ এখন চুক্তি হ’ব।
মাইক্ৰ ফাইনেন্সত ১১ লাখ মহিলা উপকৃত হৈছে প্ৰথম পৰ্যায়ত ৷ দ্বিতীয় পৰ্যায়ত দহ লাখ উপকৃত হ’ব।
লগতে পঢ়ক : কৃষি মন্ত্ৰীৰ গৃহসমষ্টিত পুতৌ লগা মৎস উৎপাদন; চৰকাৰী সদিচ্ছাৰ অভাৱত পৰিত্যক্ত হাজাৰ হাজাৰ বিঘাৰ জলাহ ভূমি