নিউজ ডেস্ক :ধেমাজিত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত হোৱা কেবিনেট বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰে। ধেমাজিৰ উন্নয়নৰ বাবে ৪৩৩ কোটি টকা ধাৰ্য কৰে।
ধেমাজিৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ উন্নীত কৰাৰ বাবে ৫০ কোটি টকা অনুমোদন দিয়ে৷ জিলাৰ সকলো কাৰ্য্যালয় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সৈতে সংলগ্ন হ’ব৷ ধেমাজিত ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৫০ কোটি টকা।
জোনাই-মাজুলীলৈ মঠাউৰিৰ বাবে ১৮৩ কোটি ধাৰ্য। বান নিয়ন্ত্ৰণৰ বাবে ১৫০ কোটি টকা। ধেমাজিৰ মূল ৰাস্তাটো ডাঙৰ কৰি ডিভাইডাৰৰ জৰিয়তে সজোৱাৰ সিদ্ধান্ত।
আজিৰ কেবিনেটে লোৱা এক সিদ্ধান্ত মৰ্মে মুককচেলেং (জোনাই) আৰু চাৰিকৰিয়া (ঢকুৱাখনা)ৰ ট্ৰাইবেল বেল্টত টাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু গোৰ্খাসকলে মাটি কিনা বেচা কৰিব পাৰিব ৷ পিছে সেইসকল লোক ২০১১ৰ পূৰ্বৰে পৰা সেই অঞ্চলত থকা হ’ব লাগিব। চাৰিকৰিয়া ট্ৰাইবেল বেল্ট আৰু ব্লক আইডিনটিফাইড আৰু নাথাকিব। থলুৱা জনগোষ্ঠীয়ে মাটিৰ অধিকাৰ পোৱাৰ লগতে জাতিসত্তা সমূহৰ মাজত ভুল বুজাবুজি যাতে কমে লগতে বৃহত্তৰ জাতি হিচাবে আত্মপ্ৰকাশ কৰিব পাৰে তাৰ বাবেই এই সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ।
ইয়াৰ লগতে আজিৰ কেবিনেটে স্থানীয় ৰাইজৰ সন্মতি ক্ৰমে ৮৯ খন ৰাজহগাঁও সন্নিবিষ্ট কৰি চিচি টঙণি ট্ৰাইবেল বেল্ট নামত নতুনকৈ এক ট্ৰাইবেল বেল্ট আৰু ব্লক গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ইফালে আজিৰ কেবিনট বৈঠকতে প্ৰতিমাহে এখন কেবিনেট বৈঠক দিছপুৰৰ বাহিৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। নৱেম্বৰৰ পহিলা সপ্তাহত বঙাইগাঁৱত আৰু ডিচেম্বৰৰ পহিলা সপ্তাহত হাফলংত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব।
কেবিনেটে লোৱা আন এক সিদ্ধান্ত মৰ্মে পূৰ্বে OBCৰ চাৰ্টিফিকেট OBC বৰ্ডে দিয়া কাৰ্য এতিয়াৰে পৰা সংশ্লিষ্ট জনগোষ্ঠীৰ বৰ্ডে দিব৷ উদাহৰণ স্বৰূপে মটকসকলৰ মটক সন্মিলনীয়ে দিব৷ জিলা উপায়ুক্তই কাউণ্টাৰ চাইন কৰিব৷
অহা ২ অক্টোবৰৰ পৰা আৰম্ভ হব লগা অসম চৰকাৰৰ পদক্ষেপ “মিছন বসুন্ধৰা”ৰ পৰিপ্ৰেক্ষিতত ৰাজহ বিভাগৰ কৰ্মচাৰী সকলক মিছন বসুন্ধৰা সম্পূৰ্ণ নোহোৱালৈকে আন কোনো কামত ব্যৱহাৰ নকৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ডিব্ৰুগড় আৰু শিলচৰ পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰা হ’ব। জাগীৰোড আৰু শিলচৰ কাগজ কলৰ বাবে ৭০০ কোটি টকা মোকলাই দিয়াৰ সিদ্ধান্ত ৷ মাটিবোৰ চৰকাৰৰ হ’ব ৷
‘কাগজ কল দুটাৰ ভূমি-সম্পত্তি ৰাজ্য চৰকাৰৰ হাতলৈ আহিব ।ৰাজ্য চৰকাৰে এই ভূমিত INDUSTRIAL PARK গঠন কৰিব।
লগতে পঢ়ক-বিদ্য়ালয়সমূহ প্ৰাদেশিকৰণ কৰিবলৈ দাবী জনাই অসম হাইস্কুল শিক্ষক সন্থাই
কাগজ কলত কৰ্মৰত বিষয়া-কৰ্মচাৰীক বন্ধ হোৱা দিনালৈকে পাবলগীয়া সকলো ধন দিয়া হ’ব, কাগজ কলত কৰ্মৰত যুৱক সকলক ৰাজ্য চৰকাৰে প্ৰদান কৰিব চৰকাৰী চাকৰি ।
মাইক্ৰ’ফাইনেন্সৰ ঋণৰ কিস্তি নিয়মিত ভাৱে প্ৰদান কৰি অহা লোক সকলে পাব লগা ২৫০০০ টকালৈকে সাহাৰ্য্যৰ বাবে আজিৰ কেবিনেটে ১৮০০ কোটি টকাৰ অনুমোদন কৰা হয়। ইয়াৰ চেক সমূহ ১ ডিচেম্বৰ তাৰিখৰ পৰা ক্ৰমান্বয়ে প্ৰদান কৰা হব।