কেবিনেট বৈঠক

অসম কেবিনেটে সোমবাৰে কেইটামান গুৰুত্বপূৰ্ণ বিষয়ত অনুমতি দিয়ে।

আজিৰ পৰা অসমত ৰেভিনিউ টাউন নাথাকিব ৷ পূৰ্বতে মিউনিচিপাল বৰ্ড নথকা ঠাই ৰেভিনিউ টাউন হিচাপে জনা গৈছিল ৷ সেই ঠাই সমূহত টাউনৰ হিচাপত মাটিৰ প্ৰিমিয়াম দিবলগীয়া হৈছিল। এতিয়াৰ পৰা সেই ব্যৱস্থা নাথাকিব ৷
টাউন আৰু পেৰিফেৰীয়েল এৰিয়া জিলা সদৰতহে থাকিব। ইয়াৰ ফলত মাটিৰ প্ৰিমিয়াম দিব নালাগিব।
গাওঁ পঞ্চায়তৰ অধীনত ট্ৰেড লাইছেন্স নালাগে ৷ মোবাইল টাৱাৰ, দেশী-বিদেশী ৱাইন, শিক্ষানুষ্ঠান, প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ, ইটা ভাটা, নাৰ্ছিং হোমৰ বাবে লাগিব ট্ৰেড লাইসেন্স ৷
শ্ৰমিকৰ সুৰক্ষাৰ বাবে স্বাস্থ্য আৰু পৰিৱেশৰ বাবে অনলাইনত ৰেজিষ্টাৰ থকা হ’ব লাগিব ৷ ৪০ বছৰৰ ওপৰৰ শ্ৰমিকৰ বছৰেকীয়া স্বাস্থ্য পৰীক্ষা কৰিব লাগিব ৷ পৰিচয় পত্ৰ দিবই লাগিব৷ এইসকলো ঠিক কৰিব লাগিব উদ্যোগ বিভাগে ৷ ১০০ৰ ওপৰত শ্ৰমিক থকা উদ্যোগত শ্ৰমিক আৰু মালিকৰ এখন কমিটী গঠন কৰিব লাগিব ৷
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ইভিএম ব্যৱহাৰ কৰাৰ সিদ্ধান্ত কেবিনেটৰচৰকাৰৰ বাজেট বহিঃৰ্ভূত শিতানৰ পুঁজি বাজেটত অন্তৰ্ভুক্ত নহয় ।বাজেট বহিঃৰ্ভূত শিতানৰ পুঁজি ২০০ৰ পৰা ২০০০ কোটিলৈ বৃদ্ধি এই শিতানৰ পুঁজি বানপানী,অন্যান্য দুৰ্যোগ,মহামাৰী আদি জৰুৰীকালিন সময়ত ব্যয়ৰ বাবে থাকিব ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,578 other subscribers

Leave a comment

Leave a Reply Cancel reply