বোকাখাত, উত্তম কুমাৰ শৰ্মা: বৃহস্পতিবাৰে বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ত চিকিৎসালয় পৰিচালনা সমিতি (Hospital Management Committee) ৰ লগতে মহকুমা ভূমি পৰামৰ্শদান সমিতি (Sub-Divisional Land Advisory Committee)ৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় বোকাখাত সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা।

উল্লেখযোগ্য যে চিকিৎসা খণ্ডত সততে সন্মুখীন হোৱা অভাৱ আৰু বিভিন্ন সমস্যাসমূহৰ সন্দৰ্ভত   চিকিৎসালয় পৰিচালনা সমিতিৰ পৰা বুজ লোৱাৰ লগতে বিধিগত কাৰ্যপ্ৰণালী, সঞ্চিত পুঁজিৰ ব্যৱহাৰ তথা আগন্তুক পৰিকল্পনা সন্দৰ্ভত খতিয়ান লয় মন্ত্ৰী গৰাকীয়ে।

লগতে চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰত মহকুমাটোৰ সৰ্বসাধাৰণ ৰাইজ যাতে কোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে সকলো সময়তে উপলব্ধ হোৱাকৈ সুচল জনসেৱা আগবঢ়াবলৈ সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায় মন্ত্ৰী অতুল বৰাই। উক্ত বৈঠকত বোকাখাতৰ  মহকুমাধিপতি ডাঃ নেহা যাদৱৰ লগতে উপস্থিত থাকে বোকাখাত শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ অপূৰ্ব শৰ্মা তথা সমিতিখনৰ আন সদস্যসকল।

ইফালে বোকাখাতৰ মহকুমাধিপতি  কাৰ্যালয়ত মহকুমা ভূমি পৰামৰ্শদান সমিতি (Sub-Divisional Land Advisory Committee)ৰে আন এক গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হয় মন্ত্ৰী অতুল বৰা।

বৈঠকত মহকুমাটোত আগন্তুক সময়ত নিৰ্মাণ হ’বলগীয়া বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বাবে ভূমি আৱণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে মহকুমাটোত থকা অব্যৱহৃত চৰকাৰী ভূমিসমূহৰ স্থিতি সন্দৰ্ভত  মহকুমা ভূমি পৰামৰ্শদান সমিতিৰ  পৰা খতিয়ান লোৱাৰ উপৰিও  তেনে ভূমি পৰ্যবেক্ষণৰ অন্তত বিকাশমুখী প্ৰকল্পৰ বাবে ব্যৱহাৰযোগ্য কৰি তোলাৰ সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰাৰ লগতে কিছু সমস্যা পূৰ্ণ ভূমিসমূহ নিষ্পত্তিকৰণৰ বাবে পৰ্যালোচনা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ  নিৰ্দেশনা প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।

তদুপৰি মহকুমাটোত নিৰ্মাণ হ’বলগীয়া আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ বাবে ভূমি চিহ্নিতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈও  নিৰ্দেশনা প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply